নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠাকুৰকুছিত ৰে’লৰ চেপাত শ্রমিকৰ মৃত্যু

মহানগৰ বার্তা, ২৩ ডিচেম্বৰঃ মহানগৰীৰ ঠাকুৰকুছিত ৰে’ল ষ্টেচনৰ সমীপত ৰে’ল আলিৰ বিদ্যুতৰ কাম কৰি থকা অৱস্থাত ডেম’ ৰে’লৰ চেপাত এজন শ্রমিকৰ মৃত্যু হয়৷ মৃত শ্রমিকজন পশ্চিমবংগৰ বর্ধমান জিলাৰ মিমাৰী থানাৰ অন্তর্গত কটনা গাঁৱৰ জয়দেৱ দত্ত আৰু তেওঁ আৰ এফ আই পি এল প্রাইভেট লিমিটেডত কর্মৰত আছিল৷

আৰক্ষী সূত্রে জানিব পৰা মতে দেওবাৰে পুৱাৰ ভাগত তেওঁ আন কেইবাজনো শ্রমিকৰ সহযোগত ঠাকুৰকুছিত ৰে’ল আলিত বিদ্যুতৰ কাম কৰি আছিল৷ শ্রমিকজনে কাম কৰি থকা সময়ছোৱাতে উজনিমুৱা ‘ডেম’ ট্রেইন’ এখনৰ খুন্দাত বাগৰি পৰি শ্রমিকজন গুৰুতৰভাৱে আহত হয়৷ এই দুর্ঘটনা সংঘটিত হোৱাৰ পিছতেই প্রত্যক্ষদর্শী আৰভিয়া চন্দ্রই আৰক্ষীক খবৰ দিয়ে৷

পিছত নিউ গুৱাহাটী ষ্টেচনৰ চৰকাৰী ৰে’ল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত শ্রমিকজনক হাস্পতাললৈ প্রেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

আৰক্ষীয়ে মৃতদেহটো পিছত জি এম চি এইচৰ পৰা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক গতাই দিয়ে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

অৱশ্যে ৰে’লখন আহি থকা প্রত্যক্ষ কৰি সহকর্মীসকলে তেওঁক অৱগত কৰোৱাৰ লগতে ৰে’লআলিৰ পৰা আঁতৰি আহিবলৈ কয় যদিও তেওঁ আঁতৰি অহা নাছিল বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে৷

You might also like