নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ  চন্দ্রপুৰৰ সূতাকলত থকা বৃহত্তৰ প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ প্রেক্ষাগৃহ নির্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম৷ প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ পৰা জনোৱা মতে চলিত বর্ষৰ ১৪ অক্টোবৰত ৫২নং দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই চতুর্দশ বিত্তীয় আয়োগৰ দ্বিতীয় কৃষ্টিৰ ১০ লাখ টকা ব্যয়সাপেক্ষে জ্যেষ্ঠ নাগৰিক সন্থাৰ কার্যালয়ত এটা প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰি উক্ত দিনাই প্রেক্ষাগৃহ নির্মাণৰ বাবে জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়াক লৈ এখন নির্মাণ সমিতি গঠন কৰে আৰু সেই নির্মাণ সমিতিখনকে উক্ত কামটো কৰিবৰ বাবে অনুমতি প্রদান কৰিছিল৷ কিন্তু বিধায়কগৰাকী উক্ত স্থান এৰাৰ পিছত অর্থাৎ পিছ দিনাখন জনৈক বৰদলৈ নামৰ এজন বিজেপি কর্মীয়ে উক্ত কামটোৰ বাবে তেওঁক ঠিকা দিয়া বুলি কৈ প্রেক্ষাগৃহটো নির্মাণৰ বাবে ইটা আৰু শিল পেলায়৷ এই আকস্মিক কার্যত সন্থাৰ বিষয়ববীয়াৰ লগতে নির্মাণ সমিতিখনে আশ্চর্য প্রকাশ কৰে৷

কিন্তু লক্ষণীয় কথাটো হ’ল উক্ত জনৈক বৰদলৈ নামৰ ব্যক্তিজনে নির্মাণৰ বাবে যি শিল আনিছিল, সেই শিলত শিলৰ পৰিৱর্তে মাটিৰ পৰিমাণ বেছি আছিল৷ তদুপৰি ইটাসমূহৰো আধা ভঙা ইটা আছিল, ফলত প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাই জনৈক বৰদলৈ নামৰ ব্যক্তিজনক উক্ত সামগ্রীসমূহ তাৰ পৰা আঁতৰাই ভাল সামগ্রী আনি কাম আৰম্ভ কৰিবলৈ দিছিল যদিও এইপর্যন্ত ঠিকাদাৰজনে তাৰ পৰা বেয়া সামগ্রীখিনি নিয়া নাই আৰু নির্মাণৰ কামো আৰম্ভ কৰা নাই৷ ইয়াৰ পিছতে জ্যেষ্ঠ নাগৰিক সন্থাই বিধায়কগৰাকীক এই বিষয়ে অৱগত কৰাইছিল৷ কিন্তু বিধায়কৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সন্থাই৷ তদুপৰি প্রেক্ষাগৃহটোৰ লগতে ২ লাখ টকা ব্যয়সাপেক্ষে এটা অনাময় গৃহৰ ব্যৱস্থা কৰাৰ কথা আছিল যদিও তাৰো কোনো এটা কাম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাই৷ এতিয়া প্রশ্ণ হয়– শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনে প্রতিটো কামৰ বাবে একো একোখন নির্মাণ সমিতি গঠন কৰি দিয়াৰ পিছত কাৰ আশিসপুষ্ট হৈ এনেকৈ জনৈক বৰদলৈৰ দৰে ঠিকাদাৰে কাম কৰিবলৈ সাহস পায়, এই লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷

You might also like