নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাষ্টবিনত পৰিণত ফাঁচীবজাৰৰ মহাবীৰ উদ্যান

স্বচ্ছতা অভিযানক ভেঙুচালি গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ পর্যটন ক্ষেত্রসমূহক যি সময়ত নতুন মাত্রা দিয়াৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰি প্রচেষ্টা অব্যাহত ৰাখিছে, সেই সময়তে গুৱাহাটীৰ মাজমজিয়াত থকা এখন উদ্যান ক্রমাৎ নিশ্চিহ্ণ হৈ পৰিছে৷ ব্রহ্মপুত্রৰ নৈসর্গিক পৰিৱেশ আৰু ফাঁচীবজাৰৰ জনসমাগমে এক অন্যন্য মাত্রা প্রদান কৰা ভগৱান মহাবীৰ উদ্যানখন মেৰামতিৰ অভাৱত জহি–খহি গৈছে৷ গুৱাহাটী পৌৰ নিগমৰ চূড়ান্ত হেমাহিৰ বাবেই এসময়ত জনসমুদ্রত পৰিণত হোৱা ফাঁচীবজাৰৰ ভগৱান মহাবীৰ উদ্যানখন ডাষ্টবিনত পৰিণত হৈছে৷ তদুপৰি উদ্যানখনত দিন–দুপৰতে একাংশ সুৰাপায়ী লোকে মুকলিভাৱে মদ–জুৱাৰ আড্ডা পাতি পৰিৱেশ বিনষ্ট কৰিছে৷ ফাঁচীবজাৰ আৰক্ষী চকীৰ সন্মুখত থকা উদ্যানখনত মুকলিভাৱে সুৰাপান কৰা আৰু জাবৰ পেলোৱাৰ লগতে অন্যান্য অসামাজিক কার্যকলাপ চলি থকাৰ পিছতো আৰক্ষী প্রশাসনে নীৰৱ ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ প্রকৃততে ভগৱান মহাবীৰ উদ্যানখনত কেনেধৰণৰ কার্যকলাপ সংঘটিত হৈছে, এই সন্দর্ভত আমাৰ এক প্রতিবেদন–
ডাষ্টবিনত পৰিণত ভগৱান মহাবীৰ উদ্যান ফাঁচীবজাৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে মুকলিভাৱে জাবৰ পেলাই উদ্যানখন অঘোষিত ডাষ্টবিনত পৰিণত কৰিছে৷ পেলনীয়া প্লাষ্টিককে ধৰি অন্যান্য জাবৰসমূহ একাংশ অসাধু ব্যৱসায়ীয়ে দিনে–নিশাই পেলাইছে যদিও এইক্ষেত্রত গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী প্রশাসনে নীৰৱ দর্শকৰ ভূমিকা পালন কৰিছে৷ অসাধু ব্যৱসায়ীসকলে নিতৌ পুৱা–গধূলি পেলোৱা আৱর্জনাৰ পৰা নির্গত দুর্গন্ধই সমগ্র ফাঁচীবজাৰৰ পৰিৱেশ বিনষ্ট কৰাত নাকত ৰুমাল বান্ধি পথচাৰীয়ে এম জি ৰোডৰ পদপথত খোজ কাঢ়িবলগীয়া হৈছে৷
সুৰাপায়ীৰ ঘাটিয়ে বিনষ্ট কৰিছে পৰিৱেশ ভগৱান মহাবীৰ উদ্যানত দিনে–নিশাই একাংশ অসাধু লোকে সুৰাৰ আড্ডা পাতি পৰিৱেশ বিনষ্ট কৰিছে৷ আৰক্ষী চকীৰ সন্মুখত থকা উদ্যানত বহি দিন–দুপৰতে মুকলিভাৱে একাংশ অসাধু লোকে সুৰাপান কৰাৰ সমান্তৰালকৈ মুকলিভাৱে জুৱা আৰু অন্যান্য অসামাজিক কার্যকলাপত লিপ্ত হোৱা দেখা গৈছে যদিও আৰক্ষীয়ে দেখিও নেদেখাৰ ভাও জুৰিছে৷
মেৰামতিৰ অভাৱত জহি–খহি গৈছে সামগ্রী গুৱাহাটী পৌৰ নিগমৰ চূড়ান্ত হেমাহিৰ বাবে ক্রমাৎ জহি–খহি গৈছে মহাবীৰ উদ্যানৰ সা–সামগ্রী৷ বহা আসনকে ধৰি উদ্যানখনত থকা ৰেলিং আৰু শিশুৰ খেলনা সামগ্রীসমূহ মেৰামতিৰ অভাৱত জৰাজীর্ণ হৈ পৰিছে৷ উদ্যানত শৰীৰচর্চাৰ প্রতি লক্ষ্য ৰাখি পৌৰ নিগমে এবছৰ পূর্বে চাইক্লিঙৰ সু–ব্যৱস্থা কৰিছিল যদিও চোৱাচিতাৰ অভাৱত সেইখনো জহি–খহি গৈছে৷ তদুপৰি উদ্যানখনৰ দেৱালকে ধৰি গ্রীল আদি মামৰে ধৰাত উদ্যানখনত ক্রমাৎ নিঃশেষ হৈ গৈ আছে৷
মুকলিভাৱে মল–মূত্র ত্যাগ ঃ ভগৱান মহাবীৰ উদ্যানত একাংশ লোকে মুকলিভাৱে মল–মূত্র ত্যাগ কৰি পৰিৱেশ বিনষ্ট কৰিছে৷ পদপথত অস্থায়ীভাৱে ব্যৱসায় কৰা আৰু ড্রাগ্ছ আসক্ত একাংশ উদণ্ড লোকে মুকলিভাৱে উদ্যানখনত মল–মূত্র ত্যাগ কৰাত সমগ্র অঞ্চলটোত এক দুর্গন্ধময় পৰিৱেশে ছানি ধৰিছে৷ উদ্যানৰ ভিতৰত প্রৱেশ কৰি শৌচ–প্রস্রাৱ কৰাৰ বাবে উদ্যানৰ সমীপৰ পদপথেৰে যাতায়াত কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ সেয়েহে উদ্যানখন পুনৰুজ্জীৱিত কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় লোকে আহ্বান জনাইছে৷

You might also like