তিনি বছৰে এটিএম সেৱাৰ পৰা বঞ্চিত চন্দ্রপুৰবাসী
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ বেংক ব্যৱস্থাত লেনদেন কৰাৰ ক্ষেত্রত বিভিন্ন বেংক কর্তৃপক্ষই গ্রাহকৰ বাবে বিভিন্ন তৰল ব্যৱস্থা গ্রহণ কৰাৰ সময়তে বিগত প্রায় তিনি বছৰে এটিএম সেৱাৰ পৰা বঞ্চিত হৈ আছে মহানগৰীৰ সমীপৱর্তী চন্দ্রপুৰৰ সহস্রাধিক গ্রাহক৷ এইক্ষেত্রত চূড়ান্ত হেমাহিৰ অভিযোগ উত্থাপন হৈছে ৰাষ্ট্রীয়কৃত বেংক ইউকো বেংক কর্তৃপক্ষৰ বিৰুদ্ধে৷ ইয়াৰ ফলত হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে স্থানীয় গ্রাহকসকল৷ উল্লেখ্য যে ইউকো বেংকৰ চন্দ্রপুৰ শাখাটো আজিৰ পৰা প্রায় ৪০ বছৰ পূর্বে চন্দ্রপুৰত স্থাপন হৈছিল যদিও পাঁচ বছৰমান আগতহে এটা এটিএম স্থাপন কৰিছিল বেংক কর্তৃপক্ষই৷ শাখাটোৰ পৰা এশ মিটাৰ দূৰত্বত স্থাপন কৰা এটিএমটো আৰম্ভণিতে ২–৩ বছৰমান নিয়মিতৰূপে গ্রাহকক সেৱা আগবঢ়ায় যদিও বিগত প্রায় তিনি বছৰে বন্ধ হৈ আছে এটিএমটো৷ গ্রাহকসকলে জানিবলৈ দিয়া মতে, প্রথম অৱস্থাত প্রায় ছমাহ ধৰি সম্পূর্ণ বিকল হৈ আছিল এটিএমটো৷ পিছলৈ একেবাৰে বন্ধ কৰি উঠাই নিয়ে বৃহত্তৰ অঞ্চলৰ সেৱা আগবঢ়াই থকা একমাত্র এটিএমটো৷ স্মর্তব্য যে মায়ঙৰ পৰা পানীখাইতীলৈ প্রায় ২০ কিলোমিটাৰ ব্যাসার্ধত একমাত্র ইউকো বেংকৰ এই এটিএমটোৰ জৰিয়তে বিশেষ সুবিধা গ্রহণ কৰিছিল সংশ্লিষ্ট বেংকটোৰ উপৰি অন্যান্য বেংকৰ কেইবাসহস্র গ্রাহকে৷ কিন্তু এটিএমটো বন্ধ কৰি দিয়াৰ ফলত দিনৰ দিনটো বেংকত শাৰী পাতিবলগীয়া হৈছে গ্রাহকসকলে৷ লগতে এটিএম বিচাৰি গ্রাহকসকলে মায়ং অথবা নাৰেংগীলৈ যাবলগীয়া হৈছে৷ বিশেষকৈ আকস্মিক প্রয়োজনত ধনৰ কাৰণে হাহাকাৰ কৰিবলগা হোৱা বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বৃহৎ অঞ্চলটোৰ গ্রাহকসকল৷ আনকি উক্ত শাখাটোত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে৷ আশ্চর্যকৰ কথা যে ইউকো বেংক কর্তৃপক্ষই বিগত তিনি বছৰে এটিএম সেৱা পুনৰ প্রচলন কৰাৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ গ্রাহকৰ এনে অসুবিধাৰ বিষয়ে একাধিকবাৰ বেংক কর্তৃপক্ষক অৱগত কৰাৰ পিছতো চূড়ান্ত হেমাহি কৰাৰ অভিযোগ কৰিছে গ্রাহকসকলে৷