নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তুমি কেতিয়া আহিবা’ শ্ৰব্য চিডি উন্মোচন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ শনিবাৰে আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় তুমি কেতিয়া আহিবা শীৰ্ষক এটি আধুনিক গীতৰ শ্ৰব্য চিডি । নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ চিকিৎসক ডাঃ ধীৰেন কুমাৰ নাথৰ এই শ্ৰব্য চিডি খন উন্মোচন কৰে সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত শিল্পী উমাকান্ত বৈৰাগীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী জে পি দাস,নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলী, পৰিচালন সঞ্চালক ডাঃ এম এন বৰুৱা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বিষয়া অসীম কাজি, প্ৰতিদিন টাইম চেনেলৰ কাৰ্যবাহী সম্পাদক খগেন কলিতা, আমাৰ অসম কাকতৰ দেওবৰীয়া পৰিপূৰিকা পূৰ্বাচলৰ সম্পাদক ৰবীন ভূঞা উপৰিও বহু গণ্যমান্য ব্যক্তি । এই শ্ৰব্য চিডি খনত কণ্ঠদান কৰিছে মহেন্দ্ৰ হাজৰিকা, তৰালী শৰ্মা, মৌচুম গগৈ, অনামিকা গোস্বামী, বন্দিতা বৰুৱা, ডিয়ান হাজৰিকা, হেমেন অৰ্ণৱে ।

You might also like