নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থার্টী ফার্ষ্টঃ মহানগৰীত বৃদ্ধি মাছ–মাংসৰ দাম

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ৰাজ্যৰ লগতে মহানগৰীৰ বজাৰত হঠাৎ নাটনি হৈছে ছাগলীৰ৷ বিশেষকৈ ৩১ ডিচেম্বৰ উপলক্ষে এইবাৰ গুৱাহাটীৰ বজাৰলৈ আমদানি হোৱা নাই প্রয়োজনীয় ছাগলী৷ ফলশ্রুতিত বছৰৰ অন্তিমটো দিনত একেকোবে ছাগলী মাংসৰ মূল্য বৃদ্ধি হৈছে প্রতিকিলোত ৫০ টকাকৈ৷

পূর্বৰ ৬০০ টকাৰ পৰিৱর্তে ৩১ ডিচেম্বৰৰ দিনাখন গুৱাহাটীবাসীয়ে প্রতিকিলো ছাগলী মাংস ক্রয় কৰিব লাগিব ৬৫০ টকাকৈ৷ মহানগৰবাসীৰ চাহিদা অনুপাতে ছাগলী যোগান ধৰিব নোৱৰাৰ অজুহাততে ছাগলী মাংসৰ দাম প্রতি কিলোত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে বৃহত্তৰ গুৱাহাটী ছাগলী মাংস ব্যৱসায়ী সন্থাই৷

অৱশ্যে এই মূল্যবৃদ্ধি এদিনৰ বাবে গুৱাহাটীত প্রযোজ্য হ’ব বুলি স্পষ্ট কৰে সন্থাটোৱে৷ নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদৰ বাবে মহানগৰীত পর্যাপ্ত পৰিমাণৰ ছাগলী আনিব পৰা নাই ব্যৱসায়ীসকলে৷ ফলত এইবাৰ ৩১ ডিচেম্বৰত মহঙা হ’ব ছাগলী মাংস৷ অৱশ্যে পৰৱর্তী সময়ত অর্থাৎ ১ জানুৱাৰীৰ পৰা পুনৰ আগৰ মূল্যতে গুৱাহাটীবাসীক ছাগলী মাংস যোগান ধৰা হ’ব বুলিও নিশ্চিতি প্রদান কৰে সন্থাটোৱে৷ একেদৰে মাছৰ বজাৰতো দাম বৃদ্ধিৰ সম্ভাৱনা প্রকট হৈ উঠিছে৷

ইতিমধ্যে ৩১ ডিচেম্বৰ উপলক্ষে বজাৰত উভৈনদী হৈছে ৰৌ, বৰালি, চিতল, ভকুৱা, আৰিকে ধৰি ডাঙৰ ডাঙৰ লোকেল মাছ৷ যি মাছৰ প্রতিকিলোত ২০০ টকাৰ পৰা ২৫০ টকা পর্যন্ত মূল্যবৃদ্ধি হোৱাৰ ইংগিত দিছে একাংশ ব্যৱসায়ীয়ে৷সমান্তৰালভাৱে লোকেল কুকুৰা ৪০০ৰ পৰা ৪৫০টকাৰ বিপৰীতে হাঁহৰ মাংসত ৫০০ৰ পৰা ৬০০ টকালৈ দৰ উঠিব বুলি স্পষ্ট কৰিছে একাংশ ব্যৱসায়ীয়ে৷ অর্থাৎ এইবাৰ ৩১ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ বজাৰত মহঙা হ’ব মাছ, মাংস৷

You might also like