নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰত বিধায়ক অতুল বৰাক বিপুল আদৰণি

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ বহু জল্পনা–কল্পনাৰ অন্ত পেলাই তৃতীয় পর্যায়ত অনুষ্ঠিত হ’ব লগা বিধানসভা নির্বাচনৰ বাবে আজি বিজেপিয়ে অন্তিমখন প্রার্থীৰ তালিকা প্রকাশ কৰে৷ ১৭জনীয়া প্রার্থীৰ তালিকাত ৫২নং দিছপুৰ সমষ্টিত বর্তমানৰ বিধায়ক অতুল বৰাক পুনৰ প্রার্থিত্ব প্রদান কৰাত উৎফুল্লিত হৈ পৰিছে সমষ্টিটোৰ দলীয় কর্মীসকল৷ আজি প্রার্থী তালিকা ঘোষণা কৰাৰ পিছতে বিধায়ক অতুল বৰাক সমষ্টিবাসী ৰাইজ আৰু সমর্থকসকলে বিপুল আদৰণি জনায়৷

বিধায়ক অতুল বৰাই সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিৰ ৰাষ্ট্রীয় আৰু ৰাজ্যিক নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমষ্টিবাসী ৰাইজক পুনৰ বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়৷ বিধায়ক অতুল বৰাই এইবাৰ দুই লাখৰো অধিক ভোটত সমষ্টিবাসী ৰাইজে জয়ী কৰাব বুলি আশা প্রকাশ কৰে৷ ইফালে, দিছপুৰ সমষ্টিত প্রার্থিত্বৰ পৰা বঞ্চিত হৈ জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত কুমাৰ দাসে দলীয় নেতৃত্বৰ প্রতি ক্ষোভ প্রকাশ কৰে৷

বিগত ৩০টা বছৰে সমষ্টিবাসীৰ হৈ নিৰবিচ্ছন্নভাৱে কাম কৰি অহাৰ পিছতো বিজেপি দলে টিকট প্রদান নকৰাত ৰাইজে বিচাৰিলে নির্দলীয় হৈ প্রতিদ্বন্দ্বিতা কৰাৰ ইংগিত প্রদান কৰে৷ সংবাদ মাধ্যমত জয়ন্ত কুমাৰ দাসে ৰাষ্ট্রীয় আৰু ৰাজ্যিক নেতৃত্বৰ প্রতি ক্ষোভ উজাৰি বিজেপি দল ত্যাগ নকৰোঁ বুলি স্পষ্ট কৰি দিয়ে৷

You might also like