নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিলৰ সমীপত ৰে’লৰ খুন্দাত আহত বন্যহস্তী

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ শুকুৰবাৰে পুৱাই সংঘটিত হ’ল এক কৰুণ ঘটনা । দীপৰ বিলৰ সমীপৰ চকৰ্দোত মালবাহী ৰে’লে খুন্দিয়ালে এটা বন্যহস্তীৰ পোৱালিক । পুৱা চকৰ্দোত বিলৰ পানী খাবলৈ নামি আহিছিল হাতীৰ এটা জাক ।

ৰে’লৰ খুন্দাত আহত বন্যহস্তীটো

কিন্তু সেই সময়তে এখন মালবাহী ৰে’লে খুন্দিয়াই থৈ যায় বনৰীয়া হাতীৰ পোৱালিটোক । বৰ্তমান আঘাতপ্ৰাপ্ত হাতীটো ৰে’ল লাইনৰ কাষৰ জংঘলতে ছটফটাই আছে যদিও এই মুহূৰ্তলৈকে বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই ঘটনাস্থলীত ।

You might also like