নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰৰ বজাৰ–বেংক চৰকাৰী কার্যালয়ত ছেনিটাইজ

নিয়মীয়া বার্তা, ১৭ মেঃ  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে বীজাণুমুক্ত কৰাৰ বাবে শনিবাৰে মহানগৰীৰ ৩২নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত বৃহত্তৰ অঞ্চলটো ছেনিটাইজেচন কৰা হয়৷ ধাৰাপুৰ গাঁও পঞ্চায়তৰ সভাপতি শৈলেন কলিতাই ছেনিটাইজেচন কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত পঞ্চায়তৰ সচিব ছফিক আলী মির্জাই কয় যে কামৰূপ মহানগৰ জিলাৰ ৰামছাৰাণী জিলা পৰিষদৰ অধীনৰ পঞ্চায়তসমূহৰ ভিতৰত ধাৰাপুৰ গাঁও পঞ্চায়ততেই প্রথমবাৰৰ বাবে এনে কার্যসূচী গ্রহণ কৰা হৈছে৷ কার্যসূচীত চৰকাৰী গাঁওবুঢ়া অমিয় বৈশ্যৰ উপৰি পঞ্চায়তৰ সদস্য, কর্মচাৰীসকল উপস্থিত থাকে৷ ইয়াৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত ছ’ডিয়াম হাইড্র’ ক্ল’ৰাইডমুক্ত বীজাণুনাশক দ্রব্যৰে বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ মন্দিৰ, নামঘৰ, চৰকাৰী কার্যালয়, বেকং, হাট–বজাৰ, দোকান–পোহাৰ, বাছ আস্থান আদি ছেনিটাইজ কৰা হয়৷

You might also like