নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধ্বনি ৰেকর্ডছৰ নামত শিল্পীক প্রৱঞ্চনা দুষ্ট চক্রৰ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ধ্বনি ৰেকর্ডছৰ নামত এটা দুষ্ট চক্রই কণ্ঠশিল্পী আৰু প্রযোজকক প্রৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, ধ্বনি ৰেকর্ডছৰ ইউ টিউব চেনেলৰ নামত দুষ্ট চক্রটোৱে গীতৰ ভিডি’ আপলোডৰ নামত বিভিন্ন কণ্ঠশিল্পী আৰু প্রযোজকৰ পৰা ১৫০০–৪০০০ টকা পর্যন্ত আদায় লৈ আহিছে৷ এই ঘটনা সন্দর্ভত ধ্বনি ৰেকর্ডছ কর্তৃপক্ষই হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে চক্রটোৰ লগত জড়িত দুজনক আটক কৰে৷

You might also like