নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগী–বোন্দা চাৰিলেনযুক্ত পথত পুখুৰীসদৃশ গাঁত

ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৰাইজৰ

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ নাৰেংগীৰ পৰা বোন্দালৈ নির্মাণ কৰা চাৰিলেনযুক্ত পথ নির্মাণত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ নির্মাণকার্যত অনিয়ম হোৱাৰ বাবেই নির্মাণ কৰাৰ ছমাহ নৌহওঁতেই পথৰ মাজত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে৷ কেৱল সেয়াই নহয়, পথটোৰ বহু অংশত উঠি গৈছে কার্পেটিং৷ উল্লেখ্য যে বহু বছৰ ধৰি জৰাজীর্ণ হৈ থকা নাৰেংগী–চন্দ্রপুৰ পথটো কেইবাটাও খণ্ড কৰি মেৰামতিৰ ব্যৱস্থা কৰিছিল বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে৷ সেই অনুসৰি নাৰেংগীৰ পৰা বোন্দা পর্যন্ত প্রায় দুই কিলোমিটাৰ চাৰিলেনযুক্ত পথ নির্মাণৰ দায়িত্ব লাভ কৰে পাপু আগৰৱাল মালিকানাধীন জয়ন্তী কনষ্ট্রাকচন নামৰ নির্মাণ প্রতিষ্ঠানটোৱে৷ প্রায় চাৰি মাহ পূর্বে পথটোৰ নির্মাণকার্য সম্পূর্ণ কৰে যদিও দুমাহমান পূর্বৰে পৰা বোন্দা বিহুতলী খেলপথাৰৰ সন্মুখত পথটোৰ মাজভাগতে কার্পেটিং উঠি গাঁতৰ সৃষ্টি হয়৷ শেহতীয়াকৈ এই গাঁতটো এক মিটাৰ দৈর্ঘ্য আৰু আধা মিটাৰ প্রস্থৰ এটা বৃহৎ গাঁতলৈ ৰূপান্তৰ হৈছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, গাঁত সৃষ্টি হোৱা অংশৰ তলত হেনো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা হাউছিং কলনীলৈ পানী যোগান ধৰা পাইপ এডাল বহু দিনৰ পৰা ফুটি আছে৷ পথটো নির্মাণ কৰাৰ সময়ত সংশ্লিষ্ট বিভাগ অর্থাৎ গড়কাপ্ঢানী বিভাগ আৰু ঠিকাদাৰ পক্ষকো অৱগত কৰিছিল৷ আনকি সেই গাঁতটোৰে অহৰহ পানী ওলাই থকাত দিনে দিনে গাঁতটোৰ পৰিসৰ বৃদ্ধি হ’বলৈ ধৰিছে৷ লগতে গাঁতটোৰে নির্গত পানী পথৰ বহু দূৰলৈ বৈ যোৱাৰ ফলত ওচৰৰ পথ অংশও উখহি যোৱাৰ উপক্রম হৈছে৷ সমান্তৰালকৈ সেই স্থানত বিভিন্ন দুর্ঘটনা হোৱাৰো আশংকা কৰিছে স্থানীয় ৰাইজে৷

You might also like