নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিৰ ৰাধাগোবিন্দ নগৰত ভয়ংকৰ ভূমিস্খলন

নিয়মীয়া বাৰ্তা, ২৫ মেঃ বিগত কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা৷ অলপতে খাৰঘুলিত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পাছত কালি নুনমাটিৰ ছেক্টৰ ১ৰ ৰাধাগোবিন্দ নগৰত আন এক ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়৷

এই ভূমিস্খলনৰ ফলত পাহাৰৰ টিলাত বসবাস কৰা এটা পৰিয়াল কথমপি ৰক্ষা পৰে৷ ভূমিস্খলনপ্রৱণ এলেকাত বিপদসংকুল পৰিৱেশৰ মাজতে পৰিয়ালটোৱে বসবাস কৰি আছে যদিও এইক্ষেত্রত জিলা প্রশাসন তথা কামৰূপ মহানগৰ জিলা প্রাকৃতিক দুর্যোগ প্রশমন বিভাগে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ প্রাপ্ত খবৰ মতে, বিগত কেইবাদিনো হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত শনিবাৰে নিশা উক্ত পৰিয়ালটোৰ ঘৰৰ তলৰ মাটি খহি ঘাইপথত বাগৰি পৰে৷ ফলত পথৰ এটা অংশ বন্ধ হৈ পৰে৷ ইপিনে মাটি খহি যোৱা পৰিয়ালটোৱে বিপদসংকুলভাৱে বসবাস কৰি আছে৷

এনেদৰে বৰষুণ আহি থাকিলে যিকোনো মুহূর্তত বাসগৃহটো তললৈ বাগৰি পৰিব পাৰে বুলি ৰাইজে আশংকা কৰিছে৷ এইক্ষেত্রত জিলা প্রশাসনে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ ভূমিস্খলনপ্রৱণ অঞ্চল হিচাপে চিহ্ণিত হোৱা নুনমাটিৰ নিজৰাপাৰ, ভৱানীপুৰ, নুৰ নগৰ, মাধৱপুৰ, চূণচালি, লুইত নগৰ, শালবাৰী, জয়ন্ত নগৰ, বিষ্ণু ৰাভা নগৰ আদিত ভয়ংকৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে অঞ্চলটোৰ ৰাইজে৷

উল্লেখ্য যে প্রতিবছৰে কামৰূপ মহানগৰ জিলাৰ প্রাকৃতিক দুর্যোগ প্রশমন বিভাগে সজাগতা সভা অনুষ্ঠিত কৰি আহিছিল যদিও এইবেলি ভূমিস্খলন ৰোধৰ ক্ষেত্রত কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে অঞ্চলটোৰ ৰাইজ ভূমিস্খলনৰ কবলত পৰিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব বুলি ৰাইজে উল্লেখ কৰে৷ উল্লেখ্য যে মহানগৰীত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত পূর্বে কেইবাগৰাকী লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ বিশেষকৈ খাৰঘুলি, চূণচালি আৰু ধীৰেনপাৰাৰ লগতে মালিগাঁৱৰ গো–শালাত বিগত বর্ষত কেইবাটাও ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷

You might also like