পল্টনবজাৰ থানাত পঞ্জীয়ন বিচাৰি শতাধিকৰ ভিৰ
নিয়মীয়া বাৰ্তা, ৩ মে’ : লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলক পর্যায়ক্রমে ঘূৰাই আনিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্রহণ কৰাৰ সময়তে শনিবাৰে গুৱাহাটীত আবদ্ধ হৈ থকা বহিঃৰাজ্যৰ শতাধিক লোকে নিজ ৰাজ্যলৈ উভতি যাবৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ পল্টনবজাৰ থানাত ভিৰ কৰে ৷ পল্টনবজাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া উৎপল চাংমায়ে জনোৱা মতে, লকডাউনৰ সময়ত মহানগৰীৰ বিভিন্ন প্রান্তত আবদ্ধ হৈ থকা শতাধিক লোকে নিজ গৃহলৈ ঘূৰি যাবৰ বাবে আজি নাম পঞ্জীয়ন কৰিবলৈ থানালৈ আহে ৷ এই লোকসকল প্রধানতঃ বিহাৰ আৰু উত্তৰ প্রদেশৰ ৷ অৱশ্যে ইয়াৰে সৰহসংখ্যকে কর্মসূত্রে মহানগৰীত থাকে৷ এই লোকসকলৰ ভিতৰত প্রায় ১০০জন লোকৰ নাম পঞ্জীয়ন কৰা হয় ৷ ঠিকনাসহ নাম পঞ্জীয়ন কৰা লোকসকলক থানাৰ পৰা যাবলৈ দিয়া হয় আৰু নাম পঞ্জীয়ন কৰিবলৈ ৰৈ যোৱা পল্টনবজাৰ থানা এলেকাত আবদ্ধ হৈ থকা বহিঃৰাজ্যৰ লোকসকলক কাইলৈ পুনৰ আহিবলৈ দিয়া হৈছে ৷ আনহাতে, শনিবাৰে পল্টনবজাৰ থানা চৌহদত ভিৰ কৰা অথচ এই থানা এলেকাৰ অন্তর্গত নোহোৱা লোকসকলক, অর্থাৎ ফটাশিল, কাহিলিপাৰা দিছপুৰ আদিত আবদ্ধ হৈ থকা বা কর্মসূত্রে থকা লোকসকলক স্থানীয় থানালৈ যাবলৈ দিয়া হয় ৷ পল্টনবজাৰ থানাত নাম পঞ্জীয়ন হোৱা লোকসকলৰ নামৰ তালিকা সংশ্লিষ্ট কর্তৃপক্ষলৈ প্রেৰণ কৰিব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷