পল্টন বজাৰৰ ইডেন হোটেলত যুৱকৰ ৰহস্যজনক আত্মহত্যা
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ পল্টন বজাৰৰ ইডেন হোটেলত মঙলবাৰে এজন যুৱকে আত্মহত্যা কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লখিমপুৰৰ কে বি ৰোডৰ বাসিন্দা আজিজ আহমেদ মুস্তাফা (৪০) নামৰ লোকজনে সোমবাৰে পল্টন বজাৰৰ ইডেন হোটেলৰ ১২৩নং কোঠাটো ভাৰালৈ লৈছিল ৷ পুৱা ৮.২৫ বজাত লোকজনে কোঠাটো ভাৰা লৈ ৯.৩০ বজাত কোঠাতে ব্রেকফাষ্ট কৰিছিল ৷ মঙলবাৰে বহু দেৰিলৈকে লোকজন বাহিৰলৈ ওলাই নহাত হোটেলৰ কর্মচাৰীয়ে কোঠাটোৰ দর্জাত টুকুৰিয়াই লোকজনৰ সঁহাৰি নোপোৱাত আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত পল্টন বজাৰ থানাৰ আৰক্ষী উপস্থিত হৈ ১২৩নং কোঠাৰ দুৱাৰ ভাঙি লোকজনক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইচলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে ৷ ঘটনা সন্দর্ভত পল্টন বজাৰ আৰক্ষীয়ে ৭৪/১৯ নম্বৰত এটা অস্বাভাৱিক মৃত্যুজনিত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পিছতহে এই আত্মহত্যাৰ ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷