পশ্চিম মায়ঙত একেদিনাই তিনিটা আধাৰশিলা স্থাপন মন্ত্রী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ পশ্চিম মায়ং গাঁও পঞ্চায়তৰ অন্তর্গত তিনি স্থানত একেদিনাই তিনিটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ মন্ত্রীগৰাকীয়ে প্রথমে ৯ লাখ ২২ হাজাৰ ৯৯৮ টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া কমাৰপুৰ আঞ্চলিক ৰাস উৎসৱৰ সভাগৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে ১৭.২২ লাখ টকাৰ বৰচপৰা কৃষি বান্ধৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পিছতে ধামখুন্দাত ৯.৯৯৫ লাখ ব্যয়েৰে নির্মাণ কৰিবলগীয়া এটা কম্পিউটাৰ প্রশিক্ষণ কেন্দ্রৰ আধাৰশিলা স্থাপন কৰে মন্ত্রী তথা স্থানীয় বিধায়কগৰাকীয়ে৷ তিনিটা আধাৰশিলা কার্যসূচী ৰূপায়ণৰ পিছতে মন্ত্রীগৰাকীয়ে স্বর্গজ্যোতি আঞ্চলিক প্রেক্ষাগৃহত এখন সভাত অংশগ্রহণ কৰে৷ এই সভাত তেওঁ চৰকাৰৰ বহু উন্নয়নমূলক আঁচনি ৰূপায়ণৰ আলোকপাত কৰাৰ লগতে সাধাৰণ ৰাইজৰ মাজত আঁচনি সম্পর্কত প্রচাৰ কৰিবলৈ দলীয় কর্মীসকলক আহ্বান জনায়৷ উল্লেখ্য যে এই সভাত অঞ্চলটোৰ জ্যেষ্ঠ কংগ্রেছী ত্রৈলোক্য ডেকাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ কালি অনুষ্ঠিত আধাৰশিলা স্থাপনৰ অনুষ্ঠানত চন্দ্রপুৰ ৰাজহ চক্র বিষয়া কমল বৰুৱা, চন্দ্রপুৰ খণ্ড উন্নয়ন বিষয়া অভিজিৎ চক্রৱর্তী, পশ্চিম মায়ং গাঁও পঞ্চায়তৰ সভাপতি বিষ্ণু দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷