নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীবাসীৰ বাবে আন এক সুখবৰ৷ অহা পহিলা ব’হাগত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বহু প্রতিক্ষীত ৰোপ ৱে’ সেৱা৷ ইতিমধ্যে জিএমডিএৰ অধীনত এই ৰোপ ৱে’ নির্মাণৰ কাম সম্পূর্ণ হৈছে৷ পৰীক্ষণমূলক আৰম্ভ কৰা হৈছে এই সেৱাৰ, য’ত ১০ মিনিটৰ ভিতৰত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাত্রীসকলে পাৰাপাৰ হ’ব পাৰিব ব্রহ্মপুত্র৷ মহানগৰীৰ কাছাৰী আৰু উত্তৰ গুৱাহাটীত নির্মাণ সম্পূর্ণ হৈছে স্থায়ী কার্যালয়ৰ৷ তদুপৰি দুয়োটা কার্যালয়তে নির্মাণ কৰা হৈছে টিকট কাউণ্টাৰো৷ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ নিতৌ যাত্রা কৰা লোকসকলে অহা পহিলা ব’হাগৰ পৰা লাভ কৰিব এই সেৱা৷ আনহাতে এবাৰত ৰোপ ৱে’ৰ কেবিনত যাত্রা কৰিব পাৰিব ৩২জনকৈ লোকে৷ পহিলা ব’হাগৰ পৰা দুটা ৰোপ ৱে’ৰ কেবিনেৰে চলিব এই নতুন সেৱা৷ এই সেৱা পোনপটীয়াকৈ তদাৰক কৰা হ’ব কাছাৰীৰ কার্যালয়ৰ পৰা৷ তদুপৰি যাত্রাৰ সময়ত যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰ বাবে চিচিটিভিৰে কৰা হ’ব নিৰীক্ষণ৷ উল্লেখ্য যে এই ৰোপ ৱে’ৰে যাত্রা কৰাৰ সময়ত যাত্রীসকলে ব্রহ্মপুত্রৰ লগতে ক্ষুদ্রতম নদীদ্বীপ উমানন্দৰ নৈসর্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব৷ এই সেৱা আৰম্ভ হ’লে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াতৰ ক্ষেত্রত সূচনা হ’ব আন এক নতুন দিগন্তৰ৷