নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবাৰী–বাঘৰবডী বনৰীয়া হাতীৰ বিচৰণক লৈ আতংক

নিয়মীয়া বাৰ্তা, ১৯ মে’: মহানগৰীৰ পাঞ্জাবাৰী আৰু বাঘডবৰীত কালি নিশা আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা তিনিটাকৈ বনৰীয়া হাতীয়ে আতংকৰ সৃষ্টি কৰে৷ লকডাউনৰ মাজতে খাদ্যৰ সন্ধানত নিশা প্রায় ৮.৩০ বজাত আমচাঙৰ পৰা এটা বনৰীয়া হাতীৰ জাক পাঞ্জাবাৰী বজাৰৰ সমীপলৈ ওলাই আহে৷ হাতীৰ জাকটো প্রতাক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়াৰ লগতে জুই জ্বলাই, ফটকা ফুটাই হাতীৰ জাকটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা কৰে৷ হাতীৰ জাকটো স্থানীয় লোকৰ উৎপাতত উপায়হীন হৈ ছেদেলি–ভেদেলি হয়৷ বনৰীয়া হাতীৰ জাকটোৰ কেইবাটাও হাতী সেনা ছাউনীৰ ভঙা দেৱালেৰে আমচাঙত প্রৱেশ কৰে যদিও ইয়াৰে এটা প্রকাণ্ড হাতী বতাহঘুলি অঞ্চলত প্রৱেশ কৰে৷ ফলত বতাহঘুলি অঞ্চলত আতংকৰ সৃষ্টি হয়৷

ইপিনে, জাকটোৰ পৰা ফালৰি কাটি আন দুটা বনৰীয়া হাতী পাঞ্জাবাৰীৰ পৰা মূল পথেৰে বাঘডবৰীত প্রৱেশ কৰে৷ স্থানীয় লোকৰ উৎপাতত দিক্–বিদিক্ হেৰুৱাই হাতী দুটা নামঘৰ পথেৰে সোমাই স্থানীয় লোকৰ গছ–গছনি ভাঙি তহিলং কৰে৷ এই লৈ সমগ্র অঞ্চলত নিশা বনৰীয়া হাতীৰ আতংক বিৰাজ কৰি থকাৰ মাজতে নিশা প্রায় ১০ বজাত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়৷ পিছত হাতী দুটা পূবেৰুণ পথ হৈ সাতগাঁও অভিমুখে গৈ থকাৰ সময়তে ৰাইজে জুই জ্বলাই বাধা আৰোপ কৰাত হাতী দুটা পুনৰ বাঘডবডীৰ মূল পথত উঠি মুকলি বিচৰণ কৰে৷ আগে আগে হাতী আৰু পাছে পাছে বন বিভাগৰ লোক হাতী খেদি থকা ঘটনা প্রত্যক্ষ্য কৰিবলৈ নিশা শতাধিক লোক ওলাই আহে৷ সান্ধ্য আইন উলংঘা কৰি ওলাই অহা ৰাইজক আৰক্ষীয়ে বাধা আৰোপ কৰে যদিও আৰক্ষীৰ বাধা নেওচি ৰাজপথত বহু লোক সমাৱেত হয়৷ অৱশেষত নিশা প্রায় ১২ বজাত বন বিভাগৰ লোকে হাতী দুটা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়৷ অৱশ্যে বন বিভাগৰ আন এটা দল বতাহঘূলিত উপস্থিত হৈ আনটো বনৰীয়া হাতী নিশা ১০ বজাৰ পূর্বেই আমচাঙলৈ দেখি পঠিওৱা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে প্রায়ে অঞ্চলটোত আমচাঙৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে আতংকৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগে বিহিত ব্যৱস্থা গ্রহণ নকৰা বুলি একাংশ লোকে অভিযোগ কৰে৷

You might also like