পাটৰকুছিত ২৫ লাখ টকাৰ ড্রাগছসহ মণিপুৰৰ ৩ জনক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১০ মে’ : তৃতীয় পর্যায়ৰ লকডাউন চলি থকাৰ মাজতে মহানগৰীত সক্রিয় হৈ পৰিছে ড্রাগ্ছ সৰবৰাহকাৰী চক্র ৷ বহিঃৰাজ্যৰ ড্রাগ্ছ সৰবৰাহকাৰী চক্রই লকডাউনৰ সময়ছোৱাতে লাখ লাখ টকাৰ ড্রাগ্ছ সৰবৰাহ কৰি আহিছে ৷ শনিবাৰে মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে পাটৰকুছিৰ এটা বাসগৃহত অভিযান চলাই প্রায় ২৫ লাখ টকাৰ ড্রাগ্ছসহ বহিঃৰাজ্যৰ তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে ৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ মণিপুৰৰ ইবুতন সিং (৬৯), মিছ ইলুম ছলচ (৩৮) আৰু তেওঁৰ পুত্র বিনীত সিং বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ বশিষ্ঠৰ পাটৰকুছিৰ ৪১নং বাসগৃহত আশ্রয় লৈ আছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি পুৱা প্রায় ১০ বজাৰ অভিযান চলাই ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ পৰা আৰক্ষীয়ে সাত কিলোগ্রাম হেৰ’ইন, এক লাখ নিচাজাতীয় টেবলেট আৰু নগদ এক লাখ টকাসহ কেইবাটাও মোবাইল ফোন জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ ড্রাগ্ছখিনি মণিপুৰৰ পৰা আনিছিল ৷ বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়া নৱজিৎ দাস বাগৰীৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল ৷