নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ সমীপৰ পদপথত গঢ় লৈ উঠা অস্থায়ী ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদক লৈ বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিৱেশ বিনষ্ট কৰাৰ লগতে একাংশ অস্থায়ী হোটেল–ৰেষ্টুৰেণ্টত খোৱাৰ অনুপযোগী খাদ্য বিক্রী কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথৰ বিপণীসমূহ উচ্ছেদ কৰিবলৈ আহে৷ পৌৰ নিগমৰ এটা অভিযানকাৰী দলে কটনৰ সন্মুখত উপস্থিত হৈ উচ্ছেদ অভিযান চলাই কেইবাখনো দোকান–পোহাৰ উচ্ছেদ কৰে৷ সেই সময়তে একাংশ ব্যৱসায়ীয়ে পৌৰ নিগমে প্রদান কৰা প্রমাণ–পত্র দেখুৱাই উচ্ছেদ কার্যত বাধা দিয়ে৷ একে সময়তে কটন বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষার্থী ওলাই আহি ব্যৱসায়ীৰ পক্ষত থিয় দিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশেষত দলটোৱে অভিযান সামৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে পৌৰ নিগমে কিছুদিন পূর্বেও খোৱাৰ অনুপযোগী বিৰিয়ানী বিক্রীৰ অভিযোগত বহু অস্থায়ী হোটেল আৰু ফাষ্টফুডৰ দোকান উচ্ছেদ কৰিছিল৷ পৌৰ নিগমৰ উচ্ছেদৰ পিছতেই পুনৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথত এই প্রতিষ্ঠানসমূহ সক্রিয় হৈ উঠাত বুধবাৰে পুনৰ পৌৰ নিগমে উচ্ছেদ অভিযান চলাবলৈ আহিছিল৷