নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীখাইতীত ক’লা বজাৰত বিক্রী ৰন্ধন গেছ

এজেঞ্চীৰ ধনৰ লালসাঃ চাৰি মাহৰ পিছতো চিলিণ্ডাৰ নাপায় গ্রাহকে

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ মহানগৰীৰ পার্শ্বৱর্তী পানীখাইতীত ব্যাপক হাৰত ক’লা বজাৰত ৰন্ধন গেছ বিক্রী কৰাৰ অভিযোগ উঠিছে গেছ এজেঞ্চী কর্তৃপক্ষৰ বিৰুদ্ধে৷ স্থানীয় গ্রাহকসকলে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, বিশেষকৈ ভাৰত গেছৰ চন্দ্রপুৰস্থিত ব্লুমী গেছ এজেঞ্চীৰ বিৰুদ্ধে৷ উত্থাপিত অভিযোগ অনুসৰি, এজেঞ্চী কর্তৃপক্ষই বৃহত্তৰ পানীখাইতী অঞ্চলৰ গ্রাহকসকলক বঞ্চিত কৰি অঞ্চলটোত থকা হোষ্টেলসমূহত যোগান ধৰি আহিছে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ৷ ফলত ৩–৪ মাহপর্যন্ত অঞ্চলটোৰ গ্রাহকসকলে প্রাপ্য গেছ পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে৷ উল্লেখ্য যে আজিৰ পৰা কেইবাবছৰ পূর্বে মায়ঙৰ পৰা পানীখাইতীৰ বৃহৎ এলেকা সামৰি গ্রাহকক ৰন্ধন গেছ যোগান ধৰাৰ বাবে চন্দ্রপুৰত ব্লুমী গেছ এজেঞ্চীটো স্থাপন হয়৷ ওচৰতে গেছ লাভ কৰাৰ সুযোগ গ্রহণ কৰি কেইবাহাজাৰ গ্রাহকে সংযোগ লয়৷ প্রথম অৱস্থাত যোগান ব্যৱস্থা নিয়মীয়া আছিল যদিও দুবছৰমানৰ পৰা, বিশেষকৈ পানীখাইতী অঞ্চলত গেছৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে৷ অঞ্চলটোৰ কেইবাগৰাকী গ্রাহকে জানিবলৈ দিয়া মতে, ৩–৪ মাহপর্যন্ত গেছ কর্তৃপক্ষই গেছ যোগান নধৰে পানীখাইতীৰ বহুসংখ্যক এলেকাত৷ ইয়াৰ বিপৰীতে সমগ্র অঞ্চলটোত গঢ়ি উঠা প্রায় অর্ধশতক ব্যক্তিগত হোষ্টেলত গোপনে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰি আহিছে৷ প্রাপ্ত তথ্য মতে, এজেঞ্চীটোৰ একাংশ কর্মচাৰীয়ে হোষ্টেলৰ মালিকৰ লগত গোপন বুজাবুজি কৰি একোটা ঘৰুৱা চিলিণ্ডাৰ ১২শৰ পৰা ১৫শ টকাপর্যন্ত দামত ক’লা বজাৰত বিক্রী কৰে৷ নিয়ম অনুসৰি ব্যৱসায়িক হোষ্টেলসমূহত ছাবচিডি নথকা বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগে৷ কিন্তু একাংশ এজেঞ্চীৰ কর্মচাৰীয়ে যদিহে এটা বাণিজ্যিক চিলিণ্ডাৰ দিয়ে, তাৰ বিপৰীতে মাহত ৮–১০টাকৈ ঘৰুৱা চিলিণ্ডাৰ প্রদান কৰে হোষ্টেল কর্তৃপক্ষক৷ মন কৰিবলগীয়া কথাটো হ’ল যে ঘৰুৱা গ্রাহকৰ নামত থকা চিলিণ্ডাৰকে হেনো হোষ্টেলত দিয়া হয়৷ একাধিক গ্রাহকে অভিযোগ কৰা মতে, চোৰাং ব্যৱসায়ত জড়িত থকা নির্দিষ্ট কর্মচাৰীকেইজনে পানীখাইতীৰ বহু গ্রাহকৰ কনজুমাৰ নম্বৰ সংগ্রহ কৰি ৰাখিছে৷ সেই নম্বৰৰ বিপৰীতে গেছ চিলিণ্ডাৰ ডেলিভাৰী হোৱা বুলি গ্রাহকৰ ম’বাইলত মেছেজ লাভ কৰাৰ পিছতো হেনো চিলিণ্ডাৰ গৈ নাপায় ঘৰলৈ৷ এনেদৰে প্রায় কেইবামাহ পর্যন্ত গেছ চিলিণ্ডাৰৰ অপেক্ষাত থাকিও লাভ নকৰে গ্রাহকে৷ এইক্ষেত্রত অভিযোগ দাখিল কৰিলেও এজেঞ্চী কর্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে গ্রাহকসকলে৷ ইয়াক লৈ আনকি পানীখাইতীৰ বেঙেনাবাৰীত অলপতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ কিন্তু তাৰ পিছতো আজিও একে পৰিস্থিতিৰ সন্মুখীন হৈ থাকিব লগা হৈছে গ্রাহকসকল৷ ফলত অতিষ্ঠ হৈ পৰা বহু গ্রাহকে পুনৰ খৰিতে ৰন্ধন কার্য কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ বিপৰীতে আকৌ এই সম্পর্কত বিভাগীয় কর্তৃপক্ষক অৱগত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে পানীখাইতীৰ গ্রাহকসকলে৷

You might also like