পানীখাইতীত কিষাণ নিধিৰ হিতাধিকাৰী বাছনিত ব্যাপক অনিয়মঃ তালিকাত ব্যৱসায়ীৰ নাম
নিয়মীয়া বাৰ্তা, ১৮ মেঃ প্রধানমন্ত্রী কিষাণ সন্মান আঁচনিত হিতাধিকাৰীৰ নির্বাচনৰ ক্ষেত্রত সংঘটিত বিয়াগোম দুর্নীতিয়ে সমগ্র ৰাজ্যতে খলকনি তুলিছে৷ প্রায় প্রতিখন পঞ্চায়ত তথা ৱার্ডত সংঘটিত এই দুর্নীতি আৰু অনিয়মে বিভাগটোৰ ভিতৰচৰাত তীব্র জোকাৰণি তোলাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ অন্তর্গত তথা সাতগাঁও কৃষি চক্রৰ অধীনৰ পানীখাইতি পঞ্চায়ততো সংঘটিত হৈছে একে অনিয়ম৷ পঞ্চায়তখনৰ হিতাধিকাৰী নির্বাচন কৰাৰ ক্ষেত্রত পৰিয়াল কেন্দ্রীক ৰাজনীতি আৰু বিজেপি কৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ পঞ্চায়তখনৰ ক্বোটাও ৱার্ডত এনে অভিযোগ উত্থাপন হোৱাৰ ভিতৰত বিশেষভাৱে ৮ নং ৱার্ডত সীমাহীন অনিয়ম হোৱাৰ তথ্য পোৱা হৈছে৷ এই ৱার্ডটোত ৱার্ড সদস্য গোবিন্দ বিশ্বাসে নিজৰ নাম অন্তর্ভূক্ত কৰাৰ লগতে নিজ সহোদৰ ভাতৃকে ধৰি মোয়েক আৰু সম্পর্কীয় ভাতৃসহ মুঠ ছগৰাকী সদস্যক তালিকাভুক্ত কৰিছে৷ সেই অনুসৰি সদস্যগৰাকীয়ে নিজ ভাতৃ উপেন্দ্র বিশ্বাস, খুৰাকৰ দ্বাৰা প্রেমানন্দ বিশ্বাসৰ উপৰি মোমায়েকৰ কানুৰাম বিশ্বাসৰ নাম অন্তর্ভুক্ত কৰাৰ লগতে মোমায়েকৰ ঠিকাদাৰ পুত্র নাৰায়ণ বিস্বাস আৰু ব্যৱসায়ী পুত্র পুৰণ বিশ্বাসৰ নামো অন্তর্ভূক্ত কৰিছে কৃষকৰ তালিকাত৷
মন কৰিবলগীয়া কথাটো হ’ল যে ইয়াৰ কোনো এজনৰো নাই কৃষিকর্মৰ ভাগত সম্পর্ক৷ একেদৰে কৃষিৰে সম্পর্ক নথকা হোষ্টেল ব্যৱসায়ী হিচাপে পৰিচিত বিৰু বিশ্বাসৰ ভাগতে তেওঁৰ ভাতৃ বিজয় বিশ্বাসৰ নামো সন্নিৱিষ্ট হৈছে পি এম কিষাণৰ তালিকাত৷ তদুপৰি একেটা ৱার্ডৰে বুথ সভাপতি ধনেশ্বৰ ইম্ভভশ্বাসৰ নামো তালিকাভুক্ত হৈছে কৃষক হিচাপে৷ ইয়াৰ উপৰি পানীখাইতিত ক্বোমহলীয়া অট্টালিকা থকা ‘আশা লিটচি’ নামৰ সীতল পানীয় প্রস্তুত কৰা উদ্যোগৰ মালিক তৰুণ শর্মাকো কৃষকৰ আঁচনিত তালিকাভুক্ত কৰা হৈছে৷ একেদৰে ৭ নং ৱার্ডত কোনোকালে কৃষিকর্ম কৰি নোপোৱা বিজেপিৰ বুথ সভাপতি ৰতন দাসৰ নামো কৃষক হিচাপে লিপিবদ্ধ কৰিছে৷ তাতোকৈ ডাঙৰ কথা হৈছে আন আন ৱার্ডৰ লগতে ৫,৭ আৰু ৮ নং ৱার্ডৰ কৃষকক তালিকাত বহু সংখ্যক মহিলাৰ নাম সন্নিৱিষ্ট কৰা দেখা গৈছে৷
ইয়াৰ ভিথৰত কিছুসংখ্যক মহিলা চিনাক্ত নোহোৱাৰ বিপৰীতে আন কিছু মহিলা চাকৰিয়াল আৰু বিশিষ্ট ব্যৱসায়ীৰ পত্নী অথবা পুত্র–বোৱাৰীৰ নাম বুলি অভিযোগ কৰিছে ৰাইজে৷ আমগাঁও, বোন্দা, চপাইদাং, খাংকৰ, বিৰুকুছী সর্বত্রে বহু অকৃষকৰ নাম কৃষক হিচাপে তালিকাভুক্ত কৰা বুলি অবিযোগ উত্থাপন কৰিছে ৰাইজে৷ ইয়াৰ বিপৰীতে আকৌ বহু প্রকৃত কৃষকৰ নাম বাদ পৰাৰো অভিযোগ উঠিছে৷ সাতগাঁও কৃষিচক্র সংশ্লিষ্ট এলেকাৰ গ্রামসেৱকে পঞ্চায়ত সদস্য আৰু বিজেপি নেতা–পালিনেতাৰ লগলাগি এনেদৰে অকৃষক জনপ্রতিনিধি আৰু বিজেপি নেতাৰ নামেৰে কৃষকৰ তালিকা প্রস্তুত কৰিছে৷ ফলত বহু প্রকৃত দৰিদ্র কৃষক বঞ্চিত হৈছে এই আঁচনিৰ পৰা৷ এনে তালিকা প্রস্তুতৰ ক্ষেত্রত আনকি গ্রামসেৱক, জনপ্রতিনিধিৰ কমিচনৰ অংক থকা বুলিও অভিযোগ কৰি ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে ৰাইজে৷