পানী তুলিবলৈ গৈ কুঁৱাত পৰি মৃত্যু এগৰাকী মহিলা
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ দিছপুৰ লাষ্টগেটত সংঘটিত হৈছে এক কৰুণ ঘটনা। পদপথত পাণ-তামোলৰ দোকান দি জীৱিকা নিৰ্বাহ কৰা বাসন্তী চৌধুৰী নামৰ এগৰাকী মহিলাৰ কৰুণ মৃত্যু। কুঁৱাৰ পৰা পানী তুলিবলৈ গৈ কুঁৱাৰ ভিতৰত সোমাই পৰে প্ৰায় মহিলাগৰাকী। মৃত মহিলাগৰাকীৰ বয়স প্ৰায় ৬০ বছৰ বুলি অনুমান কৰা হৈছে।
আনহাতে স্থানীয় লোকে মহিলাগৰাকীক প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰায় দুঘণ্টাজোৰা অভিযানৰ অন্তত SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীৰ মৃতদেহ।