নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পামহীত উপকৰবিহীন পাইকাৰী বজাৰগৃহ নির্মাণ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদে কৃষক ৰাইজ আৰু কৃষিজাত সা–সামগ্রীৰ বেহা–বেপাৰ কৰা ক্ষুদ্র ব্যৱসায়ীসকলক মধ্যভোগীৰ হাতোৰাৰ পৰা ৰক্ষা কৰাৰ বাবে গুৱাহাটীৰ গড়চুকৰ সমীপৰ পামহীত প্রায় ছয় বছৰ পূর্বে স্থাপন কৰা পামহী ফলমূল অৰু শাক–পাচলি পাইকাৰী বজাৰ চৌহদত নতুনকৈ নির্মাণ কৰি আছে এটা তিনিমহলীয়া বজাৰগৃহ৷ পৰিষদৰ সূত্রই সদৰী কৰা অনুসৰি উত্তৰ–পূব পৰিষদৰ পৰা লাভ কৰা প্রায় ১৪ কোটি টকা ব্যয়েৰে নির্মাণ কৰি থকা বজাৰখনৰ ভূমি মহলাৰ নির্মাণ কার্য প্রায় শেষ হৈছে৷ ২০১৮ চনত পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাৰ তৎপৰতাত নির্মাণৰ কাম আৰম্ভ হোৱা তৃতীয় পর্যায়ৰ বজাৰ গৃহটোৰ নির্মাণ কার্য চলিত বছৰৰ মাজভাগৰ ভিতৰত সম্পন্ন হ’ব৷ বর্তমান পামহী বজাৰলৈ দৈনিক গড় হিচাপত অসমৰ উপৰি পশ্চিমবংগ, গুজৰাট, বিহাৰ, মহাৰাষ্ট্র, দিল্লীকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা পাঁচ হাজাৰৰ পৰা সাত হাজাৰ টন শাক–পাচলি, ফলমূল আহে৷ লক্ষণীয়ভাৱে উত্তৰ–পূবৰ প্রথমখন উপকৰবিহীন পাইকাৰী বজাৰ হিচাপে পৰিচিত পামহী বজাৰখন অসম চৰকাৰৰ সহযোগত পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাৰ নেতৃত্বত উপকৰ নোহোৱাকৈ বিজ্ঞানসন্মত আৰু শৃংখলাবদ্ধভাৱে চলি থকা প্রথমখন পাইকাৰী বজাৰ৷ গুৱাহাটীকে ধৰি উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যলৈ শাক–পাচলি, ফলমূল যোগান ধৰা বজাৰখনত পাঁচ শতাধিক ব্যৱসায়ীক সংস্থাপন দিয়া হৈছে৷ তেনেদৰে তৃতীয় পর্যায়ৰ নৱনির্মিত তিনি মহলীয়া বজাৰগৃহটোত নির্মাণ সম্পন্ন হ’লে পাঁচ শতাধিক ক্ষুদ্র ব্যৱসায়ীক সংস্থাপন দিব পৰা যাব বুলি পৰিষদৰ সূত্রত প্রকাশ৷ লক্ষণীয়ভাৱে পূর্বতে পৰিষদৰ ফালৰ পৰা ফলমূল শাক–পাচলিকে ধৰি ৯০টা সামগ্রীৰ পৰা উপকৰ সংগ্রহ কৰা হৈছিল৷ কিন্তু ইয়াৰে ৩৯টা সামগ্রী বাদ দিয়াৰ পিছত বর্তমান ৫১টা সামগ্রীৰ বিপৰীতে উপকৰ সংগ্রহ কৰা হয়৷ সমান্তৰালভাৱে ২০১৭–১৮ বর্ষৰ পৰা পৰিষদৰ চেকগেটসমূহ বন্ধ হৈ যোৱাত উপকৰ সংগ্রহৰ পৰিমাণ কমি যাব বুলি ভবা হৈছিল৷ কিন্তু পৰিষদৰ অধ্যক্ষগৰাকী আৰু বিষয়া–কর্মচাৰীৰ তৎপৰতাত সন্তোষজনকভাৱে উপকৰ সংগ্রহ কৰা হৈছে৷

You might also like