নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি অব্যাহত আছে লকডাউন। দোকান-পোহাৰ বন্ধ থকাৰ লগতে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল। চৌদিশে নিমাওমাও হৈ পৰাৰ সুবিধা লৈ সক্ৰিয় লৈ উঠিছে একাংশ ভূ-মাফিয়া। ভূ-মাফিয়াসকলে পাহাৰ বেদখলৰ বাবে গ্ৰহণ কৰিছে নিকৃষ্ট পন্থা। প্ৰাপ্ত অভিযোগ অনুসৰি মহানগৰীৰ কিছুসংখ্যক পাহাৰত নিশাৰ ভাগত ভূ-মাফিয়া চক্ৰই জুই লগাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আছে।
মহানগৰীৰ লংকেশ্বৰ পাহাৰ, ডাংভাংগা পাহাৰ, পাঞ্জাবাৰী পাহাৰ, নীলাচল পাহাৰত বিগত দিনকেইটাত নিশাৰ ভাগত সঘনাই জুই জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে। পাহাৰত জুই জ্বলাই হাবি-জংঘল পৰিস্কাৰ কৰি লোৱাৰ পিছত সেই মুকলি মাটিত তৰ্জাৰ চালিঘৰ সাজি বেদখল কৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে লংকেশ্বৰ পাহাৰ, ডাংভাংগা, নীলাচল পাহাৰৰ নামনিত বেদখল
আৰম্ভ হৈছেই। আনহাতে এইদৰে নিশাৰ ভাগত পাহাৰত অগ্নিসংযোগ কৰাৰ ফলত সৃষ্টি হোৱা বনজুইয়ে পাহাৰৰ ওচৰে-পাজৰে বাস কৰা নাগৰিকসকলে বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে। দপদপাই জ্বলি উঠা জুইয়ে যিকোনো মুহুৰ্ততে বিধ্বংসী ৰূপ ধাৰণ কৰি দাঁতিকাশষৰীয়া নাগৰিকৰ বাসগৃহ বা পাহাৰত থকা মঠ-মন্দিৰৰ ক্ষতি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ বাবে সচেতন লোকসকলে এইক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে।