‘প্রীতিৰ এনাজৰী’ৰ প্রস্তুতি
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত প্রতিবছৰৰ দৰে এইবাৰো ‘প্রীতিৰ এনাজৰী ২০২০’ৰ আয়োজন কৰা হৈছে৷ আজি গুৱাহাটী প্রেছ ক্লাবত দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ ব্রেণ্ড এম্বেছাডৰ, অভিনেত্রী জেৰিফা ৱাহিদে৷ সমাজত কর্কটৰোগ সম্পর্কে সজাগতাবৃদ্ধি কৰাৰ বাবে ২২ ফেব্রুৱাৰীৰ সন্ধিয়া প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত সন্ধিয়া ৬ বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানত বলীউডৰ ব্রেণ্ড ‘ইণ্ডিয়ে ৰুটছে’ indie routes) অনুষ্ঠান পৰিৱেশন কৰিব৷ আনহাতে, ২৩ ফেব্রুৱাৰীত পুৱা ৮ বজাত বি বৰুৱা কলেজৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এক সজাগতা ৰেলী উলিওৱা হ’ব৷ উল্লেখ্য যে প্রীতিৰ এনাজৰী অনুষ্ঠান এপ’ল’ হাস্পতাল, এছ বি আই আৰু এছ বি আই লাইফৰ সহযোগত অনুষ্ঠিত কৰা হ’ব৷ সংবাদ মেলত দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ অবৈতনিক সম্পাদক ড০ মৃন্ময়ী বৰুৱাই কয়, ‘আমি মহিলাসকলৰ মাজত সজাগতাবৃদ্ধিৰবাবে বিজয় এক্সপ্রেছৰ জৰিয়তে বিনামূলীয়াকৈ একে সময়তে ৪০গৰাকীকৈ মহিলাৰ কর্কটৰোগৰ পৰীক্ষা কৰিব পৰা ব্যৱস্থা আমি কৰিছোঁ৷ কর্কটৰোগ হোৱাৰ পূর্বে এই ৰোগৰ চিনাক্তকৰণৰ পৰীক্ষা কৰা অতি জৰুৰী৷ ২৭ ফেব্রুৱাৰীত ডিব্রুগডত ১৫–২০গৰাকী কর্কট ৰোগীক ৰাখিব পৰা ব্যৱস্থাৰে এটা কেন্দ্র মুকলি কৰা হ’ব৷’ সংবাদ মেলত দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ ড্রাষ্টী দেৱাহুতি শর্মা উপস্থিত থাকে৷