নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিকৰ আৱর্জনাৰে ভৰিছে ভৰলু

ভৰলু নৈত অম্লজানৰ পৰিমাণ প্রতিলিটাৰত ৫৬ৰ পৰা ৮৫ মিলিগ্রাম

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ প্রদূষণে ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটী মহানগৰীলৈও অশনি সংকেত কঢ়িয়াই আনিছে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ অদূৰদর্শিতা আৰু মহানগৰীত বসবাস কৰা লোকসকলৰ মাজত সচেতনতাৰ অভাৱত দেশৰ ভিতৰত প্রদূষিত নদীৰ তালিকাত অন্তর্ভুক্ত হৈছে মহানগৰীৰ ভৰলু আৰু বশিষ্ঠ নৈ৷ গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু আৰু বশিষ্ঠ নৈ প্লাষ্টিকৰ আৱর্জনাৰে ভৰি পৰা পৰিলক্ষিত হৈছে৷ দেশৰ সর্বাধিক প্রদূষিত নদীৰ তালিকাত বিগত কেইবাবছৰ ধৰি দুয়োখন নৈ অন্তর্ভুক্ত হোৱাৰ পিছত ভৰলু আৰু বশিষ্ঠ নৈ খননৰ বাবে কোটি কোটি টকা খৰচ কৰা হৈছে৷ কিন্তু আজিও ভৰলু আৰু বশিষ্ঠ নৈ পৰিষ্কাৰ–পৰিচ্ছন্ন ক্ষেত্রত সামান্যতমো পৰিৱর্তন নহ’ল৷ শেহতীয়াকৈ দিল্লীৰ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টে প্রকাশ কৰা প্রতিবেদনৰ তালিকাত গুৱাহাটীৰ ভৰলু আৰু বশিষ্ঠ নৈৰ নাম অন্তর্ভুক্ত হৈছে৷ প্রতিবেদনত দেশৰ ৩৫০খন নদীৰ লগতে এই দুয়োখন নৈৰ পানীত থাকিবলগীয়া জৈৱিক উপাদানৰ পৰিমাণ হ্রাস পোৱা বুলি প্রকাশ পাইছে৷ ভয়াৱহভাৱে প্রদূষণৰ কবলত পৰাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে অপৰিষ্কাৰ নলা–নর্দমা৷ ভৰলু নৈত জৈৱ পদার্থৰ বাবে প্রয়োজনীয় অম্লজানৰ গড় পৰিমাণ প্রতিলিটাৰত ৫৬–৮৫ মিলিগ্রাম পোৱা গৈছে৷ ৰাষ্ট্রীয় নদী সংৰক্ষণৰ নির্দেশনা বিভাগৰ নিয়ম অনুসৰি নদীৰ পানী মানুহৰ ব্যৱহাৰৰ উপযোগী হ’বলৈ হ’লে অম্লজানৰ পৰিমাণ প্রতিলিটাৰত ৩ মিলিগ্রামৰো কম হ’ব লাগে৷ একেদৰে দ্রৱীভূত অম্লজানৰ পৰিমাণ ৫ মিলিগ্রামতকৈ বেছি থাকিব লাগে৷ কিন্তু ভৰলু নৈত দ্রৱীভূত অম্লজানৰ পৰিমাণ ৩.৭ মিলিগ্রামতকৈও কম পোৱা গৈছে৷ বিভিন্ন ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ পৰিমাণ ৫০০তকৈও কম হ’ব লাগে যদিও ভৰলু নৈত প্রতিলিটাৰ পানীত বেক্টেৰিয়াৰ পৰিমাণ ২৮০০তকৈও বেছি পোৱা গৈছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত পাঁচ ৰিভাৰ চার্কোল থকাৰ লগতে ৩৩০টা পানী পৰিবাহী নলা আছে৷ এই পানী পৰিবাহী নলাসমূহেৰে অহা লেতেৰা–পৰিষ্কাৰ পানীয়ে ভৰলু নৈ প্রদূষিত কৰি অঞ্চলবিশেষে পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ ভৰলু নৈ পৰিষ্কৰণৰ বাবে ২০১৭–১৮ চনৰ পৰা তিনি বছৰৰ বাবে ৫.২১ কোটি টকা মোকলাই দিছিল৷ কিন্তু আজিও ভৰলু নৈ পৰিষ্কাৰ নহ’ল৷ ফলস্বৰূপে পুনৰ প্রদূষিত নদীৰ তালিকাত গুৱাহাটীৰ ভৰলু আৰু বশিষ্ঠ নৈ অন্তর্ভুক্ত হ’ল৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ অদূৰদর্শিতা আৰু প্রশাসনিক দুর্বলতাৰ বাবে ভৰলু নৈ দিনকদিনে প্লাষ্টিকৰ আৱর্জনাৰে ভৰি পৰিছে৷ এইক্ষেত্রত জনসচেতনতা নথকাৰ বাবেও মহানগৰীত বসবাস কৰা একাংশ লোকে প্লাষ্টিকৰ আৱর্জনাকে ধৰি বিভিন্ন পেলনীয়া সামগ্রীৰে ভৰলুখন পুতি পেলাইছে৷

You might also like