নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰলৈ দৰ্শকৰ সঁহাৰি, ৰংমন পইণ্টৰ পৰা দৰ্শকৰ ভিৰ

প্ৰিয় তাৰকাক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ সৰুসজাই ষ্টেডিয়ামত দৰ্শকৰ লানি নিছিগা ভিৰ। সকলোৱে পচন্দৰ তাৰকাগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ হেতা-ওপৰা। কোনোবাই যদি বৰুণ ধাৱন কোনোবাই আকৌ অক্ষয় কুমাৰ, মাধুৰী, বিকি কৌশল আৰু ৰণবীৰ সিঙক চাবলৈ উপস্থিত  ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত। বিয়লি প্ৰায় ৩ বজাত আহি পোৱা আলিয়া ভাটক চাবলৈও ভিৰ কৰিছে । সৰুসজাইৰ ৰংমন পইণ্টৰ পৰা দৰ্শকৰ শাৰীয়ে উৎসাহী কৰি তুলিছে সকলো বলীউদৰ তাৰকাক।

কৰণ জোহৰ আৰু বিকি কৌশলে আঁত ধৰিব লগা এই অনুষ্ঠানত উপভোগ কৰিবলৈ  অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে দৰ্শকসকল। দৰ্শকসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ-উদ্দীপনা।

You might also like