নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰৰ অন্তিমটো দেওবাৰে পর্যটন ক্ষেত্রসমূহত সেৰেঙা পৰিৱেশ

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ  ২০১৯ বর্ষৰ অন্তিমটো দেওবাৰে ভবা মতে দর্শনার্থীৰ আগমন নঘটিল মহানগৰীৰ পর্যটন ক্ষেত্রসমূহলৈ ৷ বিশেষকৈ খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্র, পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, অসম ৰাজ্যিক চিৰিয়াখানা আৰু তাৰকাগৃহকে ধৰি মহানগৰীৰ অন্যান্য পর্যটন ক্ষেত্রসমূহত পূর্বৰ তুলনাত এইবেলি দর্শনার্থীৰ সংখ্যা ৫০ শতাংশলৈ হ্রাস পোৱা পৰিলক্ষিত হ’ল৷

ইংৰাজী নৱবর্ষৰ প্রাকমুহূর্তত প্রতিবছৰে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ দর্শনার্থী তথা ছাত্র–ছাত্রীসকলে আঞ্চলিক বিজ্ঞান কেন্দ্রত ভিৰ কৰে যদিও এইবেলি বিজ্ঞান কেন্দ্রত দর্শনার্থীৰ সংখ্যা সেৰেঙা হোৱা পৰিলক্ষিত হ’ল৷ কিন্তু কি কাৰণে এইবেলি বিজ্ঞান কেন্দ্রলৈ অহা দর্শনার্থীৰ সংখ্যা হ্রাস পালে বুলি সোধা প্রশ্ণৰ উত্তৰত বিজ্ঞান কেন্দ্রৰ এগৰাকী বিষয়াই কয় যে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদ চলি থকাৰ বাবে শিক্ষার্থীৰ লগতে অন্যান্য দর্শনার্থীসকল শংকিত হৈ পৰিছে৷ সেইবাবে দূৰ–দূৰণিৰ পৰা অহা দর্শনার্থীৰ সংখ্যা ৫০ শতাংশলৈ হ্রাস পাইছে৷ বিগত ১০ ডিচেম্বৰৰ পৰাই বিজ্ঞান কেন্দ্রলৈ পূর্বৰ তুলনাত দর্শনার্থীৰ সংখ্যা ব্যাপক হাৰত হ্রাস পাইছে৷

অৱশ্যে মাহটোৰ শেষৰ ফালে দর্শনার্থীৰ সংখ্যা বাঢ়িব বুলি আশা কৰা হৈছিল যদিও সেয়া বাস্তৱায়িত নহ’ল৷ একেদৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র আৰু তাৰকাগৃহতো পূর্বৰ তুলনাত দর্শনার্থীৰ সংখ্যা ব্যাপক হাৰত হ্রাস পোৱা দেখা গৈছে৷ কলাক্ষেত্র সমাজৰ এক সূত্রই সদৰী কৰা মতে ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতিৰ বাবে বিগত ১০ ডিচেম্বৰৰ পৰা দর্শনার্থীৰ সংখ্যা ৬০ শতাংশলৈ হ্রাস পাইছে৷ লগতে কলাক্ষেত্রত প্রতিবছৰে অনুষ্ঠিত হৈ অহা নৱবর্ষৰ অনুষ্ঠান বাতিল কৰা বুলি পৰিচালনা সমিতিৰ সূত্রটোৱে সদৰী কৰে৷ ইপিনে অসম ৰাজ্যিক চিৰিয়াখানাটো দর্শনার্থীৰ সংখ্যা পূর্বৰ তুলনাত হ্রাস পোৱা বুলি জানিব পৰা গৈছে৷

নৱবর্ষৰ প্রাকমুর্হূতত প্রতিবছৰে চিৰিয়াখানাত বছৰটোৰ সর্বাধিক ৰাজহ সংগ্রহ কৰা হয় যদিও এইবেলি ৰাজহৰ পৰিমাণ অন্যান্য বছৰৰ তুলনাত যথেষ্ট হ্রাস পোৱা পৰিলক্ষিত হৈছে৷

You might also like