নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিষয়া–আৰক্ষীৰ ছত্রছায়াত ৰাণীত শিল–বালি–মাটিৰ অবৈধ বেহা

ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ বাসিন্দা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ ৰাণী আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ একাংশ অসাধু বিষয়া–কর্মচাৰীৰ পৃষ্ঠপোষকতাত ভূ–মাফিয়াই দৌৰাত্ম্য অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি ৰাণী আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ বিষয়া–কর্মচাৰী আৰু স্থানীয় আৰক্ষীক মেনেজ কৰি ভূ–মাফিয়াই দিনে–নিশাই মেঘালয়ৰ পৰা শ শ ট্রাক–ডাম্পাৰেৰে শিল, বালি আৰু মাটি কঢ়িয়াই আছে ৷ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মন আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া বিক্রম বসুমতাৰীৰ পৃষ্ঠপোষকতাতে ভূ–মাফিয়াই অঞ্চলটোত চালানবিহীনভাৱে দিনে–নিশাই দুই শতাধিক ট্রাক–ডাম্পাৰেৰে শিল, বালি আৰু মাটি কঢ়িয়াই অহা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ দিনে–নিশাই মাটি কঢ়িওৱা ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে বৃহত্তৰ ৰাণী অঞ্চলত বহুকেইটা শোকাৱহ পথ দুর্ঘটনা সংঘটিত হৈছে৷ এই পথ দুর্ঘটনাত অকালতে শিশুকে ধৰি বহুকেইজন লোকে প্রাণ হেৰুৱাব লগা হৈছে৷ স্থানীয় ৰাইজে অঞ্চলটোত ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে চৰকাৰ প্রশাসনক আবেদন–নিবেদন জনোৱাৰ পাছতো আজিলৈকে এই ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ ৰাণী আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ বিষয়া আৰু ৰাণী আৰক্ষীক মেনেজ কৰি কৰ ফাঁকিৰে বন মাফিয়াই মুকলিকৈ ট্রাক–ডাম্পাৰেৰে শিল–বালি–মাটি কঢ়িয়াই থকাৰ পাছতো বন বিভাগে এই ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ মেঘালয়ৰ পৰা দুই শতাধিক ট্রাক ডাম্পাৰেৰে প্রতিদিনে চালানবিহীনভাৱে শিল–বালি–মাটি কঢ়িয়াই থকাৰ পাছতো বন বিভাগৰ বিষয়া–কর্মচাৰীয়ে সমগ্র বিষয়টোক কোনো গুৰুত্ব প্রদান কৰা নাই৷ বন বিভাগৰ শীর্ষ বিষয়া আৰু আৰক্ষীয়ে নিয়মীয়াকৈ মোটা অংকৰ ধন আদায় লৈ অহাৰ বাবেই দিনে–নিশাই ৰাণী বনাঞ্চলিক বিষয়াৰ কার্যালয় আৰু ৰাণী আৰক্ষী চকীৰ সন্মুখেৰে শ শ শিল–বালি–মাটি কঢ়িওৱা ট্রাক–ডাম্পাৰৰ চলাচল অব্যাহত আছে বুলি অভিযোগত প্রকাশ৷ লক্ষণীয়ভাৱে বন বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে বিভাগটোক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি অহাৰ ফলতেই ৰাজ্য চৰকাৰে প্রতি বছৰে বৃহৎ অংকৰ ৰাজহ হেৰুৱাব লগা হৈছে৷ আৰক্ষী–বন বিভাগৰ বিষয়াৰ পৃষ্ঠপোষকতাত ৰাণীত মুকলিকৈ চলি থকা মাটি কঢ়িওৱা ট্রাক–ডাম্পাৰৰ বিৰুদ্ধে বনমন্ত্রীয়ে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

You might also like