বশিষ্ঠৰ গণেশ নগৰত একেনিশাই পাঁচখন দোকানত চুৰি
নিয়মীয়া বার্তা, ৮ মে’ : দেশত চলি থকা তৃতীয় পর্যায়ৰ লকডাউনৰ মাজতে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে নানা অপৰাধজনিত ঘটনা৷ বিশেষকৈ জনসমাগম সেৰেঙা হোৱাৰ সুযোগ গ্রহণ কৰি দুষ্টচক্রই মহানগৰীত এটাৰ পাছত আনটো চুৰি কার্য সংঘটিত কৰি আহিছে৷ কালি নিশা বশিষ্ঠৰ গণেশ নগৰত পাঁচখনকৈ দোকানত দুর্বৃত্তই তলা ভাঙি লক্ষাধিক টকাৰ সামগ্রী লুট কৰে৷
প্রাপ্ত খবৰ মতে, কালি পুৱতিনিশা এটা চোৰৰ দলে অঞ্চলটোত প্রৱেশ কৰি এখনৰ পাছত আনখন দোকানৰ তলা ভাঙি লুটপাত চলায়৷ স্থানীয় লোকে চুৰি কার্যৰ উমান পাই চোৰৰ দলটোক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰি এটা চোৰক আটক কৰে যদিও আনকেইটা চোৰ পলাই সাৰে৷ স্থানীয় লোকে চোৰটোক কৰায়ত্ত কৰি বশিষ্ঠ আৰক্ষীক গতাই দিয়ে৷
আৰক্ষীয়ে ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি ধৃত চোৰটোক সোধা–পোছা অব্যাহত ৰাখিছে৷ অৱশ্যে আৰক্ষীয়ে বাতৰি যুগুত কৰা পৰলৈকে আনকেইটা চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷