বশিষ্ঠৰ শ্মশানৰ সন্মুখত পুত্রই পেলাই থৈ গ’ল বৃদ্ধা মাতৃক; ‘হেল্প এইড’ৰ উদ্ধাৰ
নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ বৃদ্ধা মাতৃক বোজা জ্ঞান কৰি শ্মশানৰ সন্নুখত পেলাই থৈ গ’ল পুত্রই৷ গুৱাহাটী মহানগৰীতেই ঘটিছে এই হূদয়বিদাৰক ঘটনা৷ ৭৫ বছৰৰ ঊর্ধ্বৰ এই বৃদ্ধাগৰাকীক অৱশেষত উদ্ধাৰ কৰি আশ্রয় প্রদান কৰে হেল্প–এইড নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ বৃদ্ধাগৰাকীৰ নাম ৰীতা দাস৷ দেওবাৰে সন্ধিয়া বশিষ্ঠ শ্মশানৰ সন্মুখত স্থানীয় লোকে প্রত্যক্ষ কৰে বৃদ্ধাগৰাকীক৷ তাৰ পিছত তেওঁলোকে অসহায় বৃদ্ধাগৰাকীক সোধ–পোছ কৰি হেল্প–এইড নামৰ সংস্থাটোক খবৰ দিয়ে৷ সেইমর্মে সংস্থাটোৰ এটি দল নিশা প্রায় ৭বজাত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে বৃদ্ধাগৰাকীক৷
ৰীতা দাসে জনোৱা মতে তেওঁৰ তিনিজন পুত্রৰ জ্যেষ্ঠ পুত্র হিমাদ্রি দাস কর্মসূত্রে কলকাতাত থাকে৷ দ্বিতীয় পুত্র হূষীকেশ দাস থাকে আমিনগাঁৱত৷ কনিষ্ঠ পুত্র কৌশিক দাস আৰু বোৱাৰী পাণবজাৰত ভাৰাতীয়া হিচাপে থাকে৷ কনিষ্ঠ পুত্রৰ সৈতে পাণবজাৰৰ ভাৰাঘৰতে থকা ৰীতা দাসৰ ওপৰত বোৱাৰীয়ে চলাইছিল অকথ্য নির্যাতন৷বৃদ্ধাগৰাকীৰ মুখমণ্ডল আৰু হাতত হেল্প–এইডৰ উদ্ধাৰকাৰী দলে প্রত্যক্ষ কৰা আঘাতৰ চিহ্ণই সেই নির্যাতনৰেই সাক্ষ্য বহন কৰিছিল৷
ৰীতা দাসে জনোৱা মতে কনিষ্ঠ পুত্র কৌশিক দাসেই তেওঁক পাণবজাৰৰ ভাৰাঘৰৰ পৰা আনিবশিষ্ঠ শ্মশানৰ সন্মুখত থৈ গৈছে৷ এই বিষয়ত তেওঁৰ তিনিওজন পুত্রই অৱগত বুলিও বৃদ্ধাগৰাকীয়ে প্রকাশ কৰে৷ ইতিমধ্যে হেল্প–এইডে ৰীতা দাসক সংস্থাটোৰ ক্ষেত্রীস্থিত আশ্রয়গৃহত আশ্রয় প্রদানৰ লগতে প্রয়োজনীয় চিকিৎসাৰো ব্যৱস্থা কৰিছে৷ হেল্প–এইডৰ মুৰব্বী মানৱ কাকতিয়ে জনোৱা মতে সংস্থাটোৱে বর্তমানলৈ শতাধিক অসহায় লোকক উদ্ধাৰ কৰিছে৷
আশ্রমখনত অসমৰ বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ কৰি আশ্রয় প্রদান কৰা লোকসকলৰবাবে প্রয়োজনীয় চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে৷ উদ্ধাৰ কৰা কিছু লোকৰ পৰিয়ালৰ সন্ধান পোৱাত ঘৰলৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে৷ যিসকলৰ পৰিয়ালৰ সন্ধান পোৱা নাই বা পৰিয়ালৰ লোকে গ্রহণ কৰা নাই তেওঁলোকক আশ্রমতে থকাৰ সুবিধা কৰি দিয়া হৈছে৷ এনে কোনো অসহায় লোকৰ সন্ধান পালে ‘হেল্প এইড’ৰ হেল্পলাইন নম্বৰ ৮৮২২৪–১২৩৪৫ত যোগাযোগ কৰিবলৈও আহ্বান জনাইছে মানৱ কাকতিয়ে৷