নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাৰ ৬৭জন বিধায়ক কোটিপতি

এডিআৰৰ তথ্য

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ অসম বিধানসভাত বৃদ্ধি পাইছে সম্পত্তিশালী জনপ্রতিনিধিৰ সংখ্যা৷ বর্তমান অসম বিধানসভাত ১১৯জন বিধায়কৰ ভিতৰত ৪৭জনেই হৈছে কোটিপতি৷ অর্থাৎ বর্তমানৰ ৫৫ শতাংশ জনপ্রতিনিধি কোটিপতি৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছে (এ ডি আৰ) প্রকাশ কৰিছে এই তথ্য৷ বিগত বিধানসভা নির্বাচনসমূহত জনপ্রতিনিধিসকলে দাখিল কৰা শপতনামাৰ ভিত্তিত প্রস্তুত কৰা প্রতিবেদন অনুসৰি বর্তমান অসম গণ পৰিষদৰ ৭৭ শতাংশ, বি পি এফৰ ৫৮ শতাংশ, বিজেপিৰ ৫৮ শতাংশ, কংগ্রেছৰ ৫৫ শতাংশ আৰু এ আই ইউ ডি এফৰ ৩৬ শতাংশ বিধায়ক হৈছে কোটিপতি৷ এ ডি আৰে প্রকাশ কৰা তথ্য অনুসৰি বিজেপিৰ ৫৯গৰাকী বিধায়কৰ ৩৪গৰাকী, কংগ্রেছৰ ২০গৰাকী বিধায়কৰ ভিতৰত ১১গৰাকী, অগপৰ ১৩গৰাকী বিধায়কৰ ভিতৰত ১০গৰাকী, বি পি এফৰ ১২গৰাকী বিধায়কৰ ৭গৰাকী আৰু এ আই ইউ ডি এফৰ ১৪গৰাকী বিধায়কৰ ভিতৰত ৫গৰাকী বিধায়কেই এক কোটিতকৈ অধিক সম্পত্তিৰ অধিকাৰী৷ গড় হিচাপত বর্তমানৰ প্রতিগৰাকী বিধায়কৰ সম্পত্তিৰ পৰিমাণ হৈছে ২.৪৭ কোটি টকা৷ আনহাতে, বিগত সময়ৰ তুলনাত ক্রমাৎ অসম বিধানসভাত বৃদ্ধি পাইছে কোটিপতি বিধায়কৰ সংখ্যা৷

এ ডি আৰৰ প্রতিবেদন অনুসৰি ২০০৬ চনত মাত্র ১৫গৰাকী বিধায়কহে কোটিপতি আছিল৷ সেইদৰে ২০১১ চনত আছিল ৪৭গৰাকী কোটিপতি বিধায়ক৷ ২০১৬ চনত এই সংখ্যা ৭২গৰাকীলৈ বৃদ্ধি পায়৷ বর্তমানৰ জনপ্রতিনিধিসকলৰ্ ভিতৰত সম্পত্তিৰ হিচাপত শীর্ষত থকা তিনি বিধায়ক হৈছে নৰেন সোণোৱাল, নাৰায়ণ ডেকা আৰু আব্দুৰ ৰহিম আজমল৷ নাহৰকটীয়াৰ অসম গণ পৰিষদৰ বিধায়ক নৰেন সোণোৱালৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩,৯৪,৬০,৬২৩ টকা৷ তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২,৩২,৬৭,১৭৬ টকা৷ আনহাতে, স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩১,৬১,৯৩,৪৪৭ টকা৷ বৰক্ষেত্রীৰ বিজেপিৰ বিধায়ক নাৰায়ণ ডেকাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৭,২৩,১৭,৩০২ টকা৷ যমুনামুখৰ এ আই ইউ ডি এফৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩,১০,৯৯,৩৮৬ টকা৷ ইয়াৰ বিপৰীতে সম্পত্তিৰ হিচাপত আটাইতকৈ নিম্ন স্থানত থকা বিধায়ককেইগৰাকী হৈছে চাহাবুদ্দিন আহমেদ, মামুন ইমদাদুল হক চৌধুৰী আৰু তেৰছ গোৱালা৷ জলেশ্বৰৰ বিধায়ক চাহাবুদ্দিন আহমেদৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,৮১,৬১৪ টকা৷ নাওবৈচাৰ বিধায়ক মামুন ইমাদুল হক চৌধুৰী আৰু দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালাৰ সম্পত্তিৰ পৰিমাণ হৈছে ক্রমে ৬,৩৪,৬০০ টকা আৰু ৮,৯১,০২ টকা৷ তদুপৰি সম্পত্তিৰ হিচাপত শীর্ষত থকা আন বিধায়কসকল হৈছে দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী (১১.৪৪ কোটি)৷ বিলাসীপাৰা (পূব)ৰ বিধায়ক অশোক কুমাৰ সিংঘী (১০.১০ কোটি), চিদলীৰ বিধায়ক চন্দন ব্রহ্ম (৯.৫৮ কোটি), ধুবুৰীৰ বিধায়ক চিৰাজুল হক (৮.৯১ কোটি), বঢ়মপুৰৰ বিধায়ক প্রফুল্ল কুমাৰ মহন্ত (৭.৯২ কোটি), চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা (৭.২৬ কোটি) আৰু ঢ়কুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে (৭.৩০ কোটি)৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,৮৫,৪৪,৯১৯ টকা৷ তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,১৫,০০,০০০ টকা৷ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭০,৪৪,৯১৯ টকা৷

You might also like