বাইকেৰে গুৱাহাটীত উপস্থিত মথুৰাৰ দম্পতী স্নেহালয়ৰ আৱাসীৰে মত বিনিময়
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ পানী যিদৰে প্রাণীৰ প্রাণ, সেইদৰে আধুনিক যুগত বিদ্যুতো মানৱ সমাজৰ বাবে প্রয়োজনীয় সম্পদ৷ বিদ্যুৎ অবিহনে আধুনিক সমাজ অচলপ্রায় বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ কিন্তু এই কথা জানিও একাংশ লোকে পানী আৰু বিদ্যুতৰ অপব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ এই কথা উপলব্ধি কৰি উত্তৰ প্রদেশৰ মথুৰাৰ এক দম্পতীয়ে পানী আৰু বিদ্যুতৰ সঠিক প্রয়োগ তথা মিতব্যয়িতা সন্দর্ভত সজাগতা বৃদ্ধিৰ বাবে এক উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিছে৷ মথুৰাৰ বাসিন্দা অজিত কুন্তল আৰু তেওঁৰ পত্নী দর্শনা উপাধ্যায়ে এই সন্দর্ভত সজাগতা বৃদ্ধিৰ বাবে ৩০ হাজাৰ কিলোমিটাৰ পথ বাইকেৰে ভ্রমণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ দম্পতীটোৱে যোৱা ২৪ নৱেম্বৰত ইউ পি–৮৫ এ এন–২৫০৯ নম্বৰৰ বুলেট লৈ উত্তৰ প্রদেশৰ পৰা যাত্রা আৰম্ভ কৰি বিভিন্ন ৰাজ্য অতিক্রম কৰি কালি গুৱাহাটীত উপস্থিত হৈছে৷ গুৱাহাটীত উপস্থিত হৈ কালি কুন্তল আৰু তেওঁৰ পত্নী দর্শনাই স্নেহালয়ত উপস্থিত হৈ ছাত্র–ছাত্রীৰ সৈতে মত বিনিময় কৰি পানী আৰু বিদ্যুতৰ অপব্যৱহাৰ ৰোধ কৰা সন্দর্ভত বক্তব্য আগবঢ়ায়৷ তেওঁলোকৰ এই কার্যৰ সচেতন লোকে শলাগ লয়৷