নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইক–টেক্সি সেৱা বন্ধক লৈ অসমীয়া যুৱ মঞ্চৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ৰাজপথত চলাচল কৰা বাইক টেক্সি তথা ৰেপিড’ সেৱা পৰিবহণ বিভাগে বন্ধ কৰাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে অসমীয়া যুৱ মঞ্চই৷ মঞ্চৰ সচিব জিতুল ডেকাই কয় যে ৰেপিড’, উবেৰ আদি বহুজাতিক কোম্পানীয়ে যদি অনুজ্ঞাপত্র অবিহনে ব্যৱসায় কৰিছে তাৰ বাবে জগৰীয়া পৰিবহণ বিভাগহে, মটৰচাইকেল টেক্সিৰে জীৱিকাৰ পথ উলিওৱা অসমীয়া যুৱকসকল জগৰীয়া নহয়৷ উবেৰ বা ৰেপিড’ৱে গুৱাহাটীত সেৱা আৰম্ভ কৰাৰ পূর্বে পৰিবহণ বিভাগে এই বহুজাতিক কোম্পানী দুটাক নিয়ামক ব্যৱস্থাৰ অধীনলৈ আনিব লাগিছিল৷ কিন্তু তাকে নকৰি এই সেৱা আৰম্ভ হোৱাৰ কেইবামাহ পিছতহে এই বিভাগটোৱে সাৰ পোৱাটো লজ্জাজনক৷ বহিঃৰাষ্ট্রৰ জেচিবি, ফকলেন অনুজ্ঞাবিহীনভাৱে অসমত চলি থকাটো পৰিবহণ বিভাগৰ চকুত নপৰে৷ ‘এডভাণ্টেজ অসম’ৰ জৰিয়তে উদ্যোগ আৰু বিনিয়োগক লৈ বহু চুক্তি স্বাক্ষৰ কৰা বুলি দম্ভালি মৰা মন্ত্রী পাটোৱাৰীয়ে ৰেপিড’, উবেৰৰ মটৰচাইকেল, টেক্সি, চাৰিচকীয়া বাহন চলাই জীৱন নির্বাহ কৰা অসমীয়া যুৱকসকলক ভাতে মৰাৰ ষড়যন্ত্রত লিপ্ত হোৱাটো গৰিহণাৰ যোগ্য৷ উবেৰ আৰু ৰেপিড’ৰ মটৰচাইকেল সেৱা আদিক নিয়ম–নীতিৰ আওতালৈ অনাত অসমীয়া যুৱ মঞ্চৰ আপত্তি নাই বুলিও তেওঁ উল্লেখ কৰে৷

You might also like