নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ৭০ শতাংশ লোক

আবণ্টিত পূঁজিৰ সদ্ব্যৱহাৰ নকৰাৰ অভিযোগ পাঞ্জাবাৰী জ্যেষ্ঠ নাগৰিকৰ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বসবাস কৰা মাত্র ৩০ শতাংশ লোকেহে বিশুদ্ধ খোৱাপানী লাভ কৰিছে৷ ইয়াৰ বিপৰীতে ৭০ শতাংশ লোক আজিও বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে৷ ৰাজ্য চৰকাৰে মহানগৰবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে বহুকেইখন অভিলাষী পানী যোগান আঁচনি গ্রহণ কৰিছে যদিও আজিলৈকে সেইকেইখন আঁচনি সম্পূর্ণ হোৱা নাই৷ বিশেষকৈ দিছপুৰ সমষ্টিৰ অন্তর্গত বৃহত্তৰ ছয়মাইল–পাঞ্জাবাৰী অঞ্চলত বসবাস কৰা ১.৫ লাখ লোকে আজিও চৰকাৰী পানী যোগানৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷ ৰাজধানী দিছপুৰৰ পৰা মাত্র কেইকিলোমিটাৰ নিলগৰ এই বৃহত্তৰ অঞ্চলটোতে আছে অসমৰ স্বাভিমানৰ প্রতীক শংকৰদেৱ কলাক্ষেত্র, বিআৰএম চৰকাৰী আইন মহাবিদ্যালয়কে ধৰি বহুকেইটা ঐতিহ্যপূর্ণ ৰাজহুৱা অনুষ্ঠান৷ তদুপৰি এই বৃহৎ অঞ্চলটোত ৰাজ্যৰ বহুকেইগৰাকী উচ্চপদস্থ প্রশাসনিক বিষয়া, মন্ত্রী–বিধায়ক শিল্পী, অধ্যাপক, ব্যৱসায়ীকে আদি কৰি আঢ়্যৱন্ত লোকৰ সৈতে নিম্ন আৰু মধ্য আয়ৰ বহুলোকে বসবাস কৰি আছে৷ এই বৃহত্তৰ অঞ্চলটোত বসবাস কৰা লোকসকলে আজিও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো স্মার্ট চিটীৰ ৰূপ ল’বলৈ গৈ থকা গুৱাহাটী মহানগৰীৰ অন্যতম গুৰুত্বপূর্ণ অঞ্চল হিচাপে বিবেচিত বৃহত্তৰ পাঞ্জাবাৰী–ছয়মাইল এলেকাত বসবাস কৰা লোকসকলে বিশুদ্ধ খোৱাপানী লাভ নকৰা বিষয়টোৱে বিকশিত গুৱাহাটী মহানগৰীৰ প্রকৃত স্বৰূপ উদঙাই দিছে৷ এই অঞ্চলটোৰ বাসিন্দা তথা সমাজকর্মী হৰিশ চন্দ্র নাথে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে সঠিক পৰিকল্পনা আৰু আবণ্টিত পুঁজিৰ সদ্ব্যৱহাৰ নোহোৱাৰ বাবেই চৰকাৰে লোৱা বিশুদ্ধ খোৱাপানী যোগানৰ আঁচনিকেইখন আজিও সম্পূর্ণ হোৱা নাই৷ গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে উত্তৰ–গুৱাহাটী জ’ন, মধ্য গুৱাহাটী জ’ন, দক্ষিণ–পূব গুৱাহাটী জ’ন, দক্ষিণ–পশ্চিম গুৱাহাটী জ’ন হিচাপে লৈ চাৰিটা জ’নত ভাগ কৰিছিল৷ বৃহৎ ছয়মাইল–পাঞ্জাবাৰী এলেকা দক্ষিণ–পূব জ’নৰ অন্তর্গত৷ গুৱাহাটী পৌৰ নিগম, জল ব’ড, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কার্যক্ষম আঁচনিকেইখনে ইতিমধ্যে দক্ষিণ–পূব জ’নক বাদ দি বাকীকেইটা জ’নত বসবাস কৰা লোকসকলক পানী যোগান ধৰি আহিছে৷ কিন্তু বিভাগীয় কর্তৃপক্ষই যোগান ধৰি অহা পানী পর্যাপ্ত নহয়৷ সমাজকর্মী হৰিশ চন্দ্র নাথে জানিবলৈ দিয়া মতে দক্ষিণ–পূব গুৱাহাটী জ’নৰ পানী যোগান আঁচনিখন ২০১২ চনতে শুভাৰম্ভ কৰা হৈছিল৷ কিন্তু ৰঙাফিতাৰ মেৰপেঁচত পৰি এই আঁচনিখনৰ কাম চাৰি বছৰৰ পাছত ২০১৬ চনত আৰম্ভ কৰা হয়৷ এছিয়ান ডেভেলপমেণ্ট বেংকৰ ৮০ শতাংশ আৰু ৰাজ্য চৰকাৰৰ ২০ শতাংশ সাহায্য পুঁজিৰে আৰম্ভ কৰে যদিও আজিও প্রকল্পটোৰ কাম সম্পূর্ণ নহ’ল৷ প্রথম কিস্তিৰ ধন মোকলাই দিয়াৰ পাছত প্রকল্পটোত নির্ধাৰণ কৰা ৬টা জলাধাৰৰ ভিতৰত ৩ টাৰ কাম সম্পূর্ণ হয়৷ গোপালনগৰ, উত্তৰ জ্যোতিনগৰ আৰু কেন্দুগুৰিত নির্মাণ কৰা জলাধাৰকেইটাৰ কাম সম্পূর্ণ কৰে যদিও হেঙেৰাবাৰী, নৱজ্যোতি নগৰ আৰু বশিষ্ঠ এলেকাৰ জলধাৰাৰ কাম আজিপর্যন্ত আৰম্ভ হোৱা নাই৷ চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষৰ হেমাহিৰ বাবে বছৰৰ পাছত বছৰ ধৰি বৃহত্তৰ পাঞ্জাবাৰী অঞ্চলত বসবাস কৰা ডেৰ লক্ষাধিক লোকে বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে৷ সমাজকর্মী নাথে শীঘ্রে এই খোৱাপানী প্রকল্পকেইটাৰ কাম সম্পূর্ণ কৰি মহানগৰবাসীক বিশুদ্ধ পানী যোগান ব্যৱস্থাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷

You might also like