বিয়লিৰ বতাহ–বৰষুণত মহানগৰীত কৃত্রিম বানঃ বিঘ্নিত যাতায়াত
নিয়মীয়া বার্তা, ৪ মার্চঃ মঙলবাৰে বিয়লিৰ এজাক বৰষুণত মহানগৰীৰ বিভিন্ন প্রান্তত কৃত্রিম বানৰ সৃষ্টি হয় ৷ বিয়লি প্রায় চাৰি বজাত নামি অহা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ আমবাৰী, গুৱাহাটী ক্লাব, চানমাৰিকে ধৰি কেইবাটাও স্থানত ৰাজপথত একাঁঠু পানী জমা হয় ৷ ফলত ৰাজপথত প্রায় এঘণ্টাৰো অধিক সময় পথচাৰী আবদ্ধ হৈ পৰাত সন্ধিয়াপর্যন্ত ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷ বতাহ–বৰষুণৰ লগতে ঠায়ে ঠায়ে শিলাবৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে পৰৱর্তী সময়ত বৰষুণ কমি যোৱাত আৰক্ষীৰ তৎপৰতাত যান–জঁট নিয়ন্ত্রণলৈ আহে৷ সমাগত বাৰিষাৰ পূর্বেই এজাক বৰষুণত ৰাজপথত একাঁঠু পানী জমা হোৱাক লৈ সচেতন মহলে প্রতিক্রিয়া প্রকাশ কৰিছে৷ মহানগৰীৰ একাংশ নলা–নর্দমা আৱর্জনাৰে ভৰি পৰা বাবে নলাৰ পানী বহন ক্ষমতা হ্রাস পোৱা বুলি একাংশ লোকে মতামত ব্যক্ত কৰিছে৷ গুৱাহাটী পৌৰ নিগমে ইতিমধ্যে জিলা উপায়ুক্তৰ নির্দেশমর্মে কৃত্রিম বান ৰোধ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰি তৎপৰতাৰে কাম আৰম্ভ কৰিছে৷ যদিহে বাৰিষাৰ পূর্বে নলা নিষ্কাশনৰ কাম সম্পন্ন নহয় তেন্তে পূর্বৰ দৰে এইবাৰো মহানগৰবাসীয়ে কৃত্রিম বানত যমৰ ভোগ কৰিবলগীয়া হ’ব বুলি একাংশ লোকে মতামত ব্যক্ত কৰে ৷