বুঢ়া মায়ঙত বাংঠাই সমাজে পদূলিয়ে পদূলিয়ে জ্বলালে ধূপ–চাকি
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ দেশজুৰি চলি থকা লকডাউনৰ পৰিপ্রেক্ষিতত আৰু চৰকাৰী নির্দেশনা মানি এইবাৰ মায়ঙত অনুষ্ঠিত নহ’ল ইতিহাস প্রসিদ্ধ গোসাঁই উলিওৱা উৎসৱ৷ ৪ ব’হাগৰ পৰা ৬ ব’হাগ পর্যন্ত মায়ঙৰ বিভিন্ন প্রান্তত উলহ–মালহেৰে উদ্যাপন কৰি অহা তিনিশ বছৰ পুৰণি এই ৰাজ উৎসৱটি ভাগৱতী থান আৰু বামন গোসাঁই থানত কেৱল বন্তি প্রজ্বলন কৰিয়ে সামৰণি মাৰে স্থানীয় ৰাইজে৷
উল্লেখ্য যে প্রাচীন কালৰ মায়ং ৰাজ্যৰ ৰজাই প্রজাৰ সুখ–শান্তিৰ কামনাৰে উদ্যাপন কৰিছিল এই গোঁসাই উলিওৱা উৎসৱ৷ যদিও বর্তমান মায়ং ৰাজ্য নাই কিন্তু বংশানুক্রমভাৱে নির্বাচিত কৰি অহা ৰজা আৰু ৰাজপৰিষদৰ উপস্থিতিত বায়ুদেৱতাকে ধৰি পঞ্চগোসাঁইক লৈ মায়ঙৰ হাতীমূৰীয়া, ৰজামায়ং, বুঢ়ামায়ং আদি অঞ্চল পৰিভ্রমণ কৰি প্রজাৰ মংগল কামনা কৰা প্রথা আজিও প্রচলিত আছে৷ এইবাৰ ৩৫২ সংখ্যক বর্ষত ভৰি দিয়া উৎসৱটি লকডাউনৰ মাজত পৰাত সকলো পৰম্পৰাগত কার্যসূচী তথা পৰিভ্রমণ আদি বাতিল কৰে৷ বুঢ়ামায়ং কার্চিখেল আৰু ৰজামায়ং ৰাইজৰ মাত্র পাঁচগৰাকী প্রতিনিধিয়ে বামন গোসাঁই আৰু ভাগৱতী থানত সামাজিক দূৰত্ব বজাই বন্তি প্রজ্বলন কৰি সামৰণি মাৰে ৩৫২ সংখ্যক উৎসৱৰ কার্যসূচী৷ ইফালে, বুঢ়ামায়ঙত আনবাৰৰ দৰে হ’বলগীয়া পৰম্পৰাগত ৰাজদৰবাৰৰ কার্যসূচীও বাতিল কৰি আজি দিনৰ ১ বজাত অঞ্চলটোৰ প্রতিটো পৰিয়ালে বুঢ়ামায়ং বাংঠাই সমাজে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই পদূলিমুখত ধূপ আৰু চাকি জ্বলায়৷