নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত আটক মহিলা প্ৰৱঞ্চক

ছৌদি আৰবৰ সাহায্য প্ৰদানৰ প্ৰলোভনৰে সংগ্ৰহ ১০ লাখ

মহানগৰীঃ মহানগৰীৰ লতাশিল আৰক্ষীৰ জালত এগৰাকী মহিলা প্ৰবঞ্চক। ধৃত মহিলাগৰাকীৰ নাম ৰাণী বেগম। মহিলাগৰাকীৰ পৰা ছৌদি আৰবৰ কেইবাটাও ভুৱা প্ৰতিষ্ঠানৰ ছীল আৰু অন্যান্য সামগ্ৰী জৱ্দ কৰে। আৰবৰ সাহায্য প্ৰদানৰ ভুবা প্ৰতিশ্ৰুতিৰে মহানগৰীৰ বিভিন্ন স্থানৰ দৰিদ্ৰ লোকসকলৰ পৰা মহিলাগৰাকীয়ে সংগ্ৰহ কৰে প্ৰায় ১০ লাখ টকা। কিন্ত ধন দিয়াৰ পাছত কোনো ধৰণৰ সাহায্য নোপোৱাত লতাশিল আৰক্ষীক খৱৰ দিয়ে একাংশ লোকে আৰু আৰক্ষীয়ে হেদাত্পুৰৰ পৰা আটক কৰে মহিলাগৰাকীক সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে প্ৰৱঞ্চক মহিলাগৰাকীক

You might also like