নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃন্দাবনত গাৰ্ডেনত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ আঁচলৰ

নিয়মীয়া বাৰ্তা ১১ এপ্ৰিলঃ লকডাউনৰ ফলত আৰ্থিকভাৱে দুৰ্বল লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত তীব্ৰ নাটনিৰ সন্মুখীন হোৱা দুখীয়া পৰিয়ালসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ অগ্ৰণী সামাজিক অৰাজনৈতিক সংগঠন আঁচল। বিত্তীয় প্ৰতিষ্ঠান মুথুত ফাইনেন্সৰ সহযোগত আঁচলে গুৱাহাটীৰ বোণ্ডা, আমিনগাঁও, নুনমাটি , আনন্দ নগৰ আৰু বৃন্দাবন গাৰ্ডেনৰ প্ৰায় ২৫০টা পৰিয়ালক চাউল, দালি, আলু, আটা, মিঠা তেল, নিমখক, আৰু চাবোন বিতৰণ কৰে। এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় অসম আৰক্ষীয়ে। এই সংকটৰ সময়ত তেওঁলোকৰ সহায় কৰিবলৈ আঁচল আৰু মুথুত ফাইনেন্স এ লোৱা প্ৰচেষ্টাক পৰিয়াল কেইটাই শলাগ লয়।

You might also like