নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহত্তৰ পাঞ্জাবাৰী কৃত্রিম বানত বুৰ যোৱাৰ আশংকা

দুবছৰে সম্পূর্ণ নহ’ল নলা নির্মাণৰ কাম

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ সমাগত বাৰিষাত পুনৰ কৃত্রিম বানত বুৰিব বৃহত্তৰ পাঞ্জাবাৰী অঞ্চল৷ কৃত্রিম বানৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ বাবে চৰকাৰ প্রশাসনে বিভিন্ন আঁচনি প্রস্তুত কৰিছে যদিও সেইসমূহ কার্যতঃ কার্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ নলা–নর্দমাৰ জৰিয়তে পানী বহনৰ সক্ষমতা বৃদ্ধি কৰি মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিবলৈ চৰকাৰে গ্রহণ কৰা অধিকাংশ আঁচনি আজিও কার্যকৰী কৰা হোৱা নাই৷ বিগত দুবছৰ ধৰি পাঞ্জাবাৰী অঞ্চলত নলা নির্মাণৰ কাম চলি আছে যদিও এই নির্মাণকার্য পৌৰ নিগমে আজিও সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই৷ স্থানীয় লোকৰ লগতে বিভিন্ন দল–সংগঠনৰ হেঁচাত যোৱা বছৰ পূর্ণগতিত নির্মাণৰ কাম চলোৱা হৈছিল যদিও বাৰিষাৰ বাবে আধাতে কাম সামৰিবলগীয়া হৈছিল৷ ফলত এজাক বৰষুণতে মেঘালয়ৰ পৰা নামি অহা পানীয়ে সমগ্র পাঞ্জাবাৰী অঞ্চল বুৰাই পেলোৱাত বৃহত্তৰ অঞ্চলৰ লোকসকলে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছিল৷ কৃত্রিম বানক নেওচি সম্পূর্ণ এটা বছৰ যাতায়াত কৰা স্থানীয় লোকসকলে এইবাৰ নলাৰ কাম সম্পন্ন হ’ব বুলি আশা কৰিছিল যদিও নির্মাণকার্য শামুকীয়া গতিত চলি থকাত গভীৰ উদ্বেগ প্রকাশ কৰিছে৷ একাংশ স্থানীয় লোকে মতামত ব্যক্ত কৰি কয় যে পৌৰ নিগমৰ হেমাহিৰ বাবে দুবছৰে নলাৰ নির্মাণ সম্পন্ন হোৱা নাই৷ সমাগত বাৰিষাৰ পূর্বে বিভাগীয় কর্তৃপক্ষই নির্মাণ কার্য সম্পন্ন কৰিব পাৰিবনে নাই সেয়া গভীৰ ৰহস্যৰ বিষয়৷ যদিহে বাৰিষাৰ পূর্বে নির্মাণকার্য সম্পন্ন নহয়, তেন্তে এইবাৰো বৃহত্তৰ পাঞ্জাবাৰী অঞ্চল কৃত্রিম বানত বুৰ যোৱাৰ আশংকা ব্যক্ত কৰে৷ একাংশ লোকে৷

You might also like