নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেতকুছি–নাৰেংগীত ২৪ ট্রাক–ডাম্পাৰ জব্দ

নিয়মীয়া বার্তা, ১০ ফেব্রুৱাৰীঃ নিশাৰ মহানগৰীত অব্যাহত আছে ট্রাক–ডাম্পাৰৰ অতপালি৷ একাংশ আৰক্ষী বিষয়াৰ ছত্রছায়াত মহানগৰীত একাংশ ট্রাকচালকে নিশাৰ ভাগত অধিক বোজা কঢ়িয়াই নিয়াৰ লগতে অবৈধ শিল–বালি আৰু অন্যান্য সামগ্রী কঢ়িয়াই আহিছে৷ যান–বাহন আইন উলংঘা কৰি মহানগৰীৰ ৰাজপথত শিল–বালি কঢ়িওৱা ট্রাক–ডাম্পাৰ চলাচল কৰি আহিছে যদিও কর্তব্যৰত আৰক্ষী জোৱান তথা বিষয়াসকলে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ধনৰ বিনিময়ত অধিক বোজা কঢ়িওৱা ট্রাক–ডাম্পাৰসমূহ আৰক্ষীয়ে চলাচল কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ আজি পুৱতি নিশা মহানগৰীত পৰিবহণ বিভাগৰ এটা দলে অভিযান চলাই অবৈধভাৱে শিল–বালি কঢ়িওৱা ২৪খন ট্রাক–ডাম্পাৰ জব্দ কৰে৷ প্রাপ্ত তথ্য মতে, কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা) অৰুণ কুমাৰ বৰাৰ নেতৃত্বত যান–বাহন পৰিদর্শকৰ এটা দলে পুৱতি নিশা ৩৭নং ৰাষ্ট্রীয় ঘাইপথত বেতকুছি আৰু জু–নাৰেংগী পথকে ধৰি মহানগৰীৰ কেইবাটাও পথত অভিযান চলায়৷ এই অভিযানকালত পৰিদর্শকৰ দলটোৱে অতিৰিক্ত বোজা কঢ়িওৱা, সক্ষমতা উপযুক্ত ম্যাদ নথকা আৰু কৰ ফাঁকি দিয়াকে ধৰি যান–বাহন আইন উলংঘা কৰা ২০খন ডাম্পাৰ আৰু ৪খন ট্রাক জব্দ কৰে৷ অভিযানকাৰী পৰিদর্শকৰ দলটোৱে জব্দ কৰা ট্রাক–ডাম্পাৰকেইখন অধিকাংশই শিল–বালি–মাটি আৰু ইটা কঢ়িয়াই আনিছিল৷ তদুপৰি অভিযানকাৰী দলটোৱে যান–বাহন আইন উলংঘা কৰা আন কেইবাখনো বাহনৰ চালকক জৰিমনা বিহা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে মহানগৰীত আৰক্ষীৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ একাংশ ট্রাক–ডাম্পাৰৰ চালকে নিশাৰ ভাগত ৰাজপথত অবৈধ সামগ্রী কঢ়িয়াই আহিছে৷ তদুপৰি অধিক বোজা কঢ়িওৱা শিল–বালি আৰু ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই ইতিপূর্বেই বহু লোকে দুর্ঘটনাত পতিত হৈ প্রাণ হেৰুৱাবলগীয়া হৈছে৷ ইয়াৰ পিছতো যান–বাহন আৰক্ষীয়ে ট্রাক–ডাম্পাৰৰ অতপালি ৰোধ কৰাৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি অসাধু ব্যৱসায়ীয়ে শিল–বালি–মাটিকে ধৰি অবৈধ বনজ সম্পদৰ ধ্বংস যজ্ঞ চলাই অহা বুলি অভিযোগ উত্থাপিত হৈছে।

You might also like