নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলাত চোৰাং চিগাৰেট–গডজিলাৰ বেহা

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ অসম আৰক্ষীয়ে সমগ্র ৰাজ্যৰ লগতে গুৱাহাটীতো ড্রাগ্ছবিৰোধী অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে শ শ কোটি টকাৰ ড্রাগ্ছসহ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এটা বিশেষ চক্রই এতিয়াও গুৱাহাটী মহানগৰীত বাহৰ পাতি চলাই গৈছে ড্রাগ্ছকে ধৰি বিভিন্ন অবৈধ সামগ্রীৰ ৰমৰমীয়া বেহা৷

একাংশ অসাধু আৰক্ষী বিষয়াক মেনেজ কৰি দীপজ্যোতি নায়ক আৰু পংকজ চক্রৱর্তী নামৰ লোক দুজনে ম্যানমাৰৰ পৰা নিচাজাতীয় টেবলেটৰ লগতে গডজিলা (মহ খেদা ধূপ), চিগাৰেটকে ধৰি বহিঃৰাষ্ট্রৰ পৰা অহা চোৰাং সামগ্রীৰ ৰমৰমীয়া বেহা চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি হাতীগাঁও, বশিষ্ঠ থানা আৰু যোৰাবাট আৰক্ষী চকীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি দীর্ঘদিন ধৰি দীপজ্যোতি নায়ক আৰু পংকজ চক্রৱর্তীয়ে এই বেহা চলাই আহিছে৷ নগাঁৱৰ পৰা আহি বেলতলা কলেজৰ সমীপত ভাৰাতীয়া হিচাপে থকা পংকজ চক্রৱর্তীয়ে ধূপকাঠিৰ ব্যৱসায়ৰ নামত এটা গুদাম ভাৰা লৈ এই চোৰাং ব্যৱসায় চলাই আহিছে৷

প্রাপ্ত তথ্য অনুসৰি পংকজ চক্রৱর্তীৰ গুদামটোত দীপজ্যোতি নায়ক নামৰ লোকজনে ম্যানমাৰৰ পৰা অহা নিচাজাতীয় টেবলেট, গডজিলা আৰু বিভিন্ন প্রকাৰৰ চিগাৰেট মজুত কৰি গুৱাহাটীৰ লগতে ইয়াৰ আশে–পাশে থকা কেইবাখনো জিলালৈ চোৰাং সামগ্রীসমূহৰ সৰবৰাহ কৰি আহিছে৷ আৰক্ষীৰ সৈতে সু–সম্পর্ক ৰক্ষা কৰি অহা দীপজ্যোতি নায়কে হাতীগাঁও থানা, বশিষ্ঠ থানা আৰু যোৰাবাট আৰক্ষীক ইয়াৰ বাবদ প্রতি মাহে নিয়মীয়াকৈ মোটা অংকৰ ধন আদায় দি আহিছে৷ হাতীগাঁও থানা, বশিষ্ঠ থানা আৰু যোৰাবাট আৰক্ষী চকীত বছৰৰ পাছত বছৰ ধৰি কর্মৰত হৈ থকা একাংশ আৰক্ষী জোৱানৰ সহযোগত দীপজ্যোতি আৰু পংকজে বহিঃৰাষ্ট্রৰ পৰা চোৰাং সামগ্রী সৰবৰাহ কৰি এই বেহা চলাই আহিছে৷

শেহতীয়াকৈ গৃহ বিভাগে ৰাজ্যৰ থানাসমূহৰ ভাৰপ্রাপ্ত বিষয়াৰ ৰদ–বদল কৰিছিল৷ যাতে পূর্বৰে পৰা চলি অহা ছিণ্ডিকেট আৰু চোৰাং সামগ্রীৰ সৰবৰাহ ৰোধ কৰিব পাৰে৷ কিন্তু এই থানা আৰু আৰক্ষী চকীত কর্মৰত একাংশ জোৱানৰ সহযোগত এতিয়া বহিঃৰাষ্ট্রৰ পৰা অহা ড্রাগ্ছ, নিচাজাতীয় টেবলেট, চিগাৰেটকে ধৰি অন্যান্য চোৰাং সামগ্রীৰ বেহা পুনৰ চলাইছে পূর্বৰে পৰা নিষিদ্ধ সামগ্রীৰ ব্যৱসায় চলাই অহা দীপজ্যোতি–পংকজৰ দৰে চোৰাং ব্যৱসায়ীসকলে৷ বেলতলা কলেজৰ সমীপতে গুদাম ভাৰা লৈ আৰক্ষীক মেনেজ কৰি নিষিদ্ধ সামগ্রীৰ ব্যৱসায় চলাই অহা এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষী আয়ুক্তই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like