বৰঝাৰ বিমানবন্দৰত এনডিআৰএফৰ ছেনিটাইজিং
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ক’ভিড–১৯ তথা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে বিগত দিনকেইটাত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনা অনুসৰি কাম কৰি অহা গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা পাটগাঁওস্থিত প্রথম ৰাষ্ট্রীয় দুর্যোগ সঁহাৰি বাহিনীয়ে (এনডিআৰএফ) শুকুৰবাৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ চৌহদৰ গুৰুত্বপূর্ণ বুলি পৰিচিত বায়ু যাতায়াত নিয়ন্ত্রণ ব্যৱস্থাপনা ভৱনকে ধৰি স্পর্শকাতৰ অংশসমূহত ঔষধৰ পানী ছটিয়াই ছেনিটাইজ কৰা হয়৷
প্রথম এনডিআৰএফৰ সহকাৰী কমাণ্ডেণ্ট সন্তোষ সিঙৰ নেতৃত্বত বাহিনীটোৰ এটা দলে যান্ত্রিক পদ্ধতিৰ সহায়ত বায়ু যাতায়াত নিয়ন্ত্রণ ব্যৱস্থাপনা ভৱনটোৰ ভিতৰে–বাহিৰে ছেনিটাইজ কৰাৰ লগতে বিমানবন্দৰটোৰ স্পর্শকাতৰ বুলি পৰিচিত কেতবোৰ অংশতো ছেনিটাইজ কৰা হয়৷ ছেনিটাইজৰ সময়ত বায়ু যাতায়াত নিয়ন্ত্রণ ব্যৱস্থাপনাৰ যুটীয়া মহাপ্রবন্ধক শ্যামলী হালদাৰকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে৷