নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত ক’ৰোনা ভাইৰাছৰ সজাগতা শিবিৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ সম্প্রতি বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছ যাতে অসম আৰু উত্তৰ–পূর্বাঞ্চললৈ বিয়পিব নোৱাৰে তাৰ বাবে উত্তৰ–পূবৰ সবাতোকৈ ব্যস্ততম বিমান বন্দৰ হিচাপে পৰিচিত বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণে ব্যাপক সতর্কতা অৱলম্বন কৰিছে৷ বিশেষকৈ বিমানবন্দৰত বাহিৰৰ পৰা অহা সকলো যাত্রীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত বিশেষ ব্যৱস্থা গ্রহণ কৰাৰ লগতে সজাগতামূলক শিবিৰ অনুষ্ঠিত কৰিছে৷ আনহাতে ৪ মার্চত বৰঝাৰ বিমানবন্দৰৰ নিকটৱর্তী পাটগাঁওস্থিত প্রথম ৰাষ্ট্রীয় দুর্যোগ সঁহাৰি বাহিনীৰ উদ্যোগত বৰঝাৰ বিমানবন্দৰত এক সজাগতা শিবিৰ অনুষ্ঠিত হয়৷ শিবিৰত বিমানবন্দৰ প্রাধিকৰণৰ উপৰি এয়াৰ ইণ্ডিয়া, কার্গোকে ধৰি বিভিন্ন বিমান সেৱা সংস্থাসমূহৰ কর্মচাৰীসকলেও ভাগ লয়৷ আনহাতে শিবিৰত প্রথম এনডিআৰএফৰ জ্যেষ্ঠ চিকিৎসক বিষয়া ডাঃ জি ই আজম টিৰ নেতৃত্বত এটা দলে ক’ৰোনা ভাইৰাছৰ লক্ষণ, যাত্রীক পৰীক্ষা কৰাৰ পদ্ধতি, মাস্ক পৰিধান আদি সন্দর্ভত প্রদর্শন কৰে৷

You might also like