বৰঝাৰ বিমানবন্দৰত পর্যাপ্ত শৌচাগাৰ–প্রস্রাৱাগা অভাৱঃ যাত্রীৰ দুর্ভোগ
নিয়মীয়া বার্তা,২০ ফেব্রুৱাৰীঃ উত্তৰ–পূবৰ একমাত্র আন্তর্জাতিক আৰু অতি ব্যস্ত হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত পর্যাপ্ত সা–সুবিধাৰ অভাৱত যাত্রী আৰু যাত্রীক আগবঢ়াই থ’বলৈ অহা অভিভাৱকসকল বহু দুর্ভোগৰ সন্মুখীন হ’ব লগা হৈছে৷ মন কৰিবলগীয়া যে দৈনিক হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা আন্তর্জাতিক পর্যায়ৰ বিমানবন্দৰটোৰ বাহিৰত নাই কোনো শৌচাগাৰ বা প্রস্রাৱাগাৰ৷ ফলত যাত্রীক আগবঢ়াই থ’বলৈ অহা লোকসকল বিশেষকৈ মহিলাসকল এইক্ষেত্রত বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হয়৷ তদুপৰি বিমানবন্দৰৰ বাহিৰত খোৱাপানীৰো নাই কোনো সু–ব্যৱস্থা৷ বিমানবন্দৰলৈ অহা লোকসকলে চাহ বা পানী খাবলৈ হ’লে প্রায় ডেৰ কিলোমিটাৰ আঁতৰৰ ভি আই পি চ’কলৈ আহিব লাগে৷ আনহাতে, বিমানবন্দৰৰ ভিতৰত থকা ভি আই পি পার্কিঙত চলি থকা ব্যাপক বেমেজালিয়েও সাধাৰণ নাগৰিকসকলক জীয়াতু ভোগাই আহিছে৷ ভি আই পি পার্কিঙত অন্য বাহন ৰখাই থোৱা নিষেধ যদিও একাংশ চতুৰ চালকে বিমানবন্দৰত নিয়োজিত নিৰাপত্তাৰক্ষীক আভুৱা–ভাঁৰি ব্যক্তিগত বাহন বা ভাৰাতীয়া বাহনসমূহ ভি আই পি লোকৰ বাহন বুলি কৈ ভি আই পি লেনত পার্কিং কৰি ৰাখে৷ ফলত ভি আই পি লেনত প্রতিদিনেই সৃষ্টি হয় এক অচলাৱস্থা৷ যাৰ বাবে বিমানবন্দৰলৈ অহা–যোৱা কৰা যাত্রীসকলে উক্ত সমস্যাসমূহ সমাধানৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণ কর্তৃপক্ষক দাবী জনাইছে৷