নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত ভয়ংকৰ বানৰ আশংকা

ব্রহ্মপুত্রৰ বালি–মাটি খননৰ সেউজ সংকেত প্রশাসন–বন বিষয়াৰ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত মাজিৰগাঁও বৰুৱাপথাৰত ব্রহ্মপুত্রৰ বালিমাটি খননৰ বাবে জিলা প্রশাসন আৰু বন বিভাগে অনুমতি দিয়া বুলি প্রচাৰিত বাতৰিয়ে নৈপৰীয়া ৰাইজক আতংকিত কৰি তোলাৰ লগতে ৰাজ্য প্রশাসনতো তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে আজাৰা ৰাজহ চক্র তথা আজাৰা থানাৰ অন্তর্গত মাজিৰগাঁৱত পূর্বে স্থাপন হৈছিল বৈধ–বৈধ বালি মাটিৰ মহল৷ স্থানীয় ভাষাত ইয়াক কোৱা হয় খাদান৷ এই খাদানৰ নামত এক্সকেভটৰ, ফকলেনৰ সহায়ত য’তে–ত’তে খনন চলোৱাৰ ফলত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে মাজিৰগাঁৱত মথাউৰি ছিগি পেলোৱাত কেইবাখনো গাঁও জলমগ্ণ কৰি পেলোৱাত নাগৰিকসকল বানত বুৰিব লগা হৈছিল৷ ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্রী কেশৱ মহন্ত, স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই মাজিৰগাঁও অঞ্চল পৰিদর্শন কৰে৷ জলসম্পদ মন্ত্রী মহন্তই পানী শুকোৱাৰ পিছতে মাজিৰগাঁৱৰ পৰা ধাৰাপুৰলৈ মথাউৰিটো মেৰামতি কৰা হ’ব বুলি ঘোষণা কৰে৷ ঘোষণা অনুসৰি জলসম্পদ বিভাগে মথাউৰি মেৰামতিৰ নামত প্রায় দহ কোটি টকা মোকোলাই দিয়ে আৰু অহা ২২ ফেব্রুৱাৰীৰ পৰা মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব৷ ইয়াৰ মাজতে মাজিৰগাঁৱত বালি মাটি খনন চলোৱা চক্রটোৱে মাজিৰগাঁৱত বালি মাটি খননৰ বাবে প্রশাসন, বন বিভাগ আৰু আৰক্ষীয়ে অনুমতি দিয়া বুলি ব্যাপক প্রচাৰ চলাই থকাত স্থানীয় ৰাইজ তথা দল–সংগঠনৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কিয়নো বালিমাটিৰ মহল স্থাপন হ’লে দিনে–নিশাই চলাচল কৰিব শ শ ট্রাক–ডাম্পাৰ৷ ইয়ে বর্তমান পৰীক্ষাৰ সময়ত ছাত্র–ছাত্রীসকলৰ অধ্যয়নতো প্রভাৱ পেলোৱাৰ উপৰি মথাউৰিটো মেৰামতি কৰা নহ’লে আগন্তুক বাৰিষাৰ সময়ত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে অস্থায়ীভাৱে বান্ধি ৰখা মথাউৰিৰ ভগ্ণ অংশ পুনৰ ছিগি পেলোৱাৰ পূর্ণ সম্ভাৱনা আছে আৰু তেনেকুৱা হ’লে ব্রহ্মপুত্রৰ পানীয়ে নৈপৰীয়া আৱাসিক এলেকাবোৰৰ উপৰি কিছু আঁতৰতে থকা লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰটো বুৰাই পেলাব পাৰে৷ স্থানীয় একাংশ সচেতন লোকে জানিবলৈ দিয়া মতে, মাজিৰগাঁও বৈধ–বৈধ বালিমাটিৰ মহল স্থাপনৰ নামত চলে বৃহৎ অংকৰ ধনৰ লেনদেন৷ যদিহে বানত বিধ্বস্ত মাজিৰগাঁৱত পুনৰ বালিমাটি খনন আৰম্ভ হয়, তেন্তে স্থানীয় ৰাইজ তথা দল–সংগঠনসমূহে ব্যাপক আন্দোলনৰ কার্যসূচী হাতত ল’ব বুলি সকীয়াই দিছে৷

You might also like