বৰঝাৰ বিমানবন্দৰ আদানিক হস্তান্তৰ কৰিবলৈ নিদিয়াৰ হুংকাৰ
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ আদানি গ্রুপক গতোৱাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ দাবীত অসম জাতীয় পৰিষদে আৰম্ভ কৰা গণস্বাক্ষৰ অভিযানৰ প্রথম পর্যায়ৰ শনিবাৰে সামৰণি পৰে৷ বৰঝাৰৰ এয়াৰপ’ট গেট তিনিআলিত অজাপই ৯ আগষ্টৰ দিনা এই কার্যসূচী আৰম্ভ কৰিছিল৷
শনিবাৰে সপ্তাহজোৰা অভিযানৰ অন্তিম দিনা পাঁচ শতাধিক লোকে বিমানবন্দৰ আদানি গ্রুপক গতোৱা কার্যৰ প্রতিবাদ–পত্রত স্বাক্ষৰ কৰে৷ জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজিৰ কার্যসূচীৰ নেতৃত্ব প্রদান কৰি কয় যে দলে আৰম্ভ কৰা গণসচেতনতা অভিযানৰ এয়া আৰম্ভণিহে৷ বিজেপি চৰকাৰে এপদ এপদকৈ দেশৰ সকলো লাভজনক উদ্যোগক নির্দিষ্ট কিছুসংখ্যক পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়া কার্যৰ বিৰুদ্ধে দলে প্রতিবাদ অব্যাহত ৰাখিব৷ বিমানবন্দৰ আদানি গ্রুপক গতাই দিয়া সিদ্ধান্তৰ বিৰুদ্ধে জনমত গঠনৰ পৰৱর্তী পদক্ষেপ হিচাপে দলে এইবাৰ অনলাইনযোগে গণস্বাক্ষৰ সংগ্রহ অভিযান আৰম্ভ কৰিব৷
অসমবাসীৰ আৱেগ জডিত হৈ থকা লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটো ভাৰত চৰকাৰে আদানি গ্রুপক ৫০ বছৰৰ কাৰণে লীজত দিছে৷ অহা অক্টোবৰ মাহৰ পৰা উক্ত ব্যক্তিগত কোম্পানীটোৱে বিমানবন্দৰৰ অপাৰেচন, ডেভেলপমেণ্ট আৰু মেনেজমেণ্টৰ দায়িত্ব গ্রহণ কৰিব৷ তাৰ পূর্বে যোৱা ৯ আগষ্টৰ দিনা আদানি গ্রুপে বিমানবন্দৰটোৰ উক্ত কামখিনিৰ পর্যবেক্ষণৰ দায়িত্ব লৈছে৷
আনুষ্ঠানিক দায়িত্ব গ্রহণৰ পূর্বেই আদানি গ্রুপে ইতিমধ্যে বিমানবন্দৰত কর্মৰত কর্মচাৰীসকলক আৱাস খালী কৰা আৰু বিমানবন্দৰ চৌহদৰ বাহিৰত দোকান–পোহাৰ দি থকা ব্যৱসায়ীসকলক দোকান–পোহাৰবোৰ বন্ধ কৰি ঠাই খালী কৰিবলৈ নির্দেশনা দিয়া বুলি একাংশ ব্যৱসায়ীয়ে অভিযোগ কৰিছে৷ অসম জাতীয় পৰিষদে বিমানবন্দৰটো ব্যক্তিগত কোম্পানীক গতোৱাৰ বিৰোধিতা আৰম্ভণিৰে পৰা কৰি আহিছে৷ ইয়াৰ পূর্বে কেন্দ্রীয় চৰকাৰ আৰু ভাৰতীয় বিমান প্রাধিকৰণ কর্তৃপক্ষলৈ জাতীয় পৰিষদে একাধিক স্মাৰক–পত্র প্রেৰণ কৰি উক্ত সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ যোৱা ৯ আগষ্টত বিমানবন্দৰ চৌহদৰ বাহিৰত জাতীয় পৰিষদে বিষয়টো সন্দর্ভত সচেতনতা বৃদ্ধিৰ হকে গণস্বাক্ষৰ কার্যসূচী আৰম্ভ কৰিছিল যদিও আৰক্ষীৰ বাধাৰ বাবে সেইদিনা সেই কার্যসূচী স্থগিত ৰখা হৈছিল৷ সম্পূর্ণ ক’ভিড প্রট’কল মানি কার্যসূচী ৰূপায়ণৰ অনুমতি বিচৰা হৈছিল যদিও প্রশাসনে অনুমতি নিদি আদানি গ্রুপৰ পক্ষ লয়৷ তাৰ পিছদিনা আৰক্ষীৰ বাধা ওফৰাই কার্যসূচী ৰূপায়ণ কৰিবলৈ বিচৰা জাতীয় পৰিষদৰ নেতা–কর্মীৰ দলক আৰক্ষীয়ে আটক কৰি আজাৰা থানাত দিনটো আটক কৰি থয় আৰু সন্ধিয়া মুকলি কৰি দিয়ে৷
এই সপ্তাহজোৰা গণস্বাক্ষৰ সংগ্রহ অভিযানৰ অন্তিম দিনা কার্যসূচীৰ নেতৃত্ব দিয়ে দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ পাঁচ শতাধিক নেতা–কর্মীৰ উপস্থিতিত স্বাক্ষৰ সংগ্রহ অনুষ্ঠানত সভাপতি গগৈয়ে কয় যে লাভজনক প্রতিষ্ঠান হিচাপে দেশৰ ভিতৰত প্রথম শাৰীত থকা তথা লোকপ্রিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকৃত আৰু অসমবাসীৰ আৱেগ জডিত এই বিমানবন্দৰটো ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া জনবিৰোধী কার্যৰ জাতীয় পৰিষদে সদায় বিৰোধিতা কৰি যাব৷
আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো লাভজনক বিমানবন্দৰ হিচাপে দেশৰ ভিতৰত অগ্রগণ্য৷ বিমানবন্দৰটোত ইতিমধ্যে ১২৩২ কোটি টকা খৰচ কৰি এটা অত্যাধুনিক টার্মিনেল নির্মাণ কৰি থকা হৈছে৷ এই ধনখিনি চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হৈছে৷ চৰকাৰী ধন খৰচেৰে বিমানবন্দৰটো আটকধুনীয়াকৈ সজোৱাৰ পিছত এতিয়া চৰকাৰে বিমানবন্দৰটো আদানি গ্রুপৰ হাতত তুলি দিছে কাৰ স্বার্থত? যাত্রীৰ স্বার্থত বিমানবন্দৰটো ব্যক্তিগতকৰণ কৰিব খোজা হৈছে বুলি চৰকাৰে কৈ আছে যদিও যাত্রীক সুবিধা প্রদানৰ নামত উচ্চ হাৰত মাচুল সংগ্রহ কৰা হ’ব৷ গতিকে চৰকাৰৰ উক্ত যুক্তি সমর্থনযোগ্য নহয়৷
তদুপৰি বিমানবন্দৰৰ ‘গ্রাউণ্ড হেণ্ডলিং’ আৰু পার্কিং আদিত অতি উচ্চ হাৰত মাচুল সংগ্রহৰ প্রস্তুতি ইতিমধ্যে আৰম্ভ কৰি দিয়া আদানি গ্রুপে যে ব্যাপক লুণ্ঠনৰ প্রস্তুতি সম্পূর্ণ কৰিছে, সেয়া স্পষ্ট৷ এনে প্রেক্ষাপটত বিমানবন্দৰটো আদানি গ্রুপলৈ হস্তান্তৰক সমর্থন কৰাটো এক জনবিৰোধী কার্য হ’ব আৰু সেয়ে বিমানবন্দৰটো আদানি গ্রুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি গগৈ আৰু ভূঞাই মত প্রকাশ কৰে৷