বৰঝাৰ বিমানবন্দৰ বানত বুৰাৰ আশংকা
নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে সমাগত বাৰিষাত উত্তৰ–পূবৰ একমাত্র আন্তর্জাতিক বিমানবন্দৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো বানত বুৰ যোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে ধাৰাপুৰৰ পৰা পশ্চিমে মাজিৰগাঁৱলৈ বিস্তৃত ব্রহ্মপুত্রৰ দাঁতিৰ মথাউৰিটো বৰঝাৰস্থিত বিমানবন্দৰটোৰ বাবে সুৰক্ষাকৱচ ৷ যদি কেনেবাকৈ এই মথাউৰিটো ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে ভাঙি পেলায়, তেন্তে বৰঝাৰ বিমানবন্দৰকে ধৰি কেইবাটাও আৱাসিক এলেকাত সৃষ্টি হ’ব মহাপ্রলয় ৷ মন কৰিবলগীয়া যে যোৱা বাৰিষাত মাজিৰগাঁৱত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে ৰিংবান্ধ ভাঙি পেলাইছিল ৷ কিন্তু জিলা প্রশাসন আৰু জলসম্পদ বিভাগৰ কর্মচাৰীয়ে যুদ্ধকালীন তৎপৰতাৰে ছিগা অংশখিনি বালি–মাটিৰ বস্তাৰে মেৰামতি কৰাত সৌভাগ্যক্রমে বিমানবন্দৰটো ৰক্ষা পৰে যদিও কেইবাটাও আৱাসিক এলেকাৰ বাসিন্দাৰ ঘৰ, বাট–পথ বানত বুৰ যায়৷ তদুপৰি ধাৰাপুৰ, গড়ল আদিতো ব্রহ্মপুত্রৰ পানীয়ে মথাউৰিটোৰ ক্ষতি কৰে যদিও স্থানীয় লোক আৰু বিভাগীয় কর্মচাৰীয়ে বালি মাটিৰ বস্তা, বাঁহ আদিৰে মেৰামতি কৰাত মথাউৰিটো ৰক্ষা পৰে৷ ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তই স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ সৈতে ধাৰাপুৰৰ পৰা মাজিৰগাঁৱলৈ সমগ্র মথাউৰিটো পৰিদর্শন কৰে৷ পৰিদর্শনৰ অন্তত মন্ত্রী কেশৱ মহন্তই বিভাগীয় বিষয়া–ভিযন্তাক পানী শুকোৱাৰ পিছতে বিজ্ঞানসন্মতভাৱে মথাউৰিটো মেৰামতি কৰিবলৈ নির্দেশ দিয়ে৷ কিন্তু খৰালি কাল পাৰ হৈ পুনৰ বাৰিষাৰ আগমন হ’বৰ হ’ল যদিও এগৰাকী দায়িত্বশীল মন্ত্রীৰ নির্দেশ এবছৰে কার্যকৰী নহ’ল৷ জলসম্পদ বিভাগে মথাউৰিটো মেৰামতি নকৰা বাবে মথাউৰিৰ পাৰত থকা ধাৰাপুৰ, খানামুখ, গড়ল, ভট্টাপাৰা, কেন্দুকুছি, মাজিৰগাঁৱকে ধৰি কেইবাটাও আৱাসিক অঞ্চলৰ নাগৰিকে এতিয়া দুশ্চিন্তাত দিন–ৰাতি পাৰ কৰিব লগা হৈছে৷ কিয়নো বিগত বাৰিষাত বাঢ়নী পানীয়ে ক্ষতিগ্রস্ত কৰা মথাউৰিৰ বিপজ্জনক অৱস্থাত থকা অংশবোৰৰ যদি যিকোনো এটা অংশ এইবাৰ ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে ছিগি পেলায়, তেন্তে বৰঝাৰ বিমানবন্দৰকে ধৰি মহানগৰীৰ পশ্চিম প্রান্তৰ কেইবাকিলোমিটাৰ অংশ নিমিষতে জলমগ্ণ হৈ পৰিব ৷