মণিপুৰীবস্তিত নৱবিবাহিতাৰ ৰহস্যজনক আত্মহত্যা
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ মহানগৰীৰ মণিপুৰীবস্তিত এগৰাকী নৱবিবাহিতা মহিলাই ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মণিপুৰীবস্তিৰ কে চি পাটোৱাৰী পথৰ গৃহ নং–৩২ত ভাৰাতীয়া হিচাপে থকা বিউটী দেৱী নামৰ মহিলাগৰাকীয়ে শোৱনিকোঠাত চিপ লৈ আত্মহত্যা কৰে ৷
পুৱা বহু দেৰিলৈকে বিউটীয়ে বাহিৰলৈ ওলাই নহাত ননদ ৰুবী দেৱীয়ে বহুবাৰ মতাৰ পিছতো দুৱাৰ খুলি নিদিয়াত স্থানীয় লোকৰ সহযোগত দুৱাৰ ভাঙি ভিতৰত প্রৱেশ কৰি চিপ লৈ থকা অৱস্থাত প্রত্যক্ষ কৰে ৷ ঘটনা সন্দর্ভত পল্টনবজাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্থিত হৈ বিউটী দেৱীক আর্য হাস্পতালত ভর্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
বিহাৰৰ মোঝাফাপুৰৰ নিৱাসী বিউটী দেৱীয়ে দীপক ৰাউতৰ সৈতে এবছৰ পূর্বে বিবাহপাশত আবদ্ধ হৈছিল ৷ কর্মসূত্রে স্বামী দীপক ৰাউত তিনিচুকীয়াত আছিল ৷ গুৱাহাটীৰ মণিপুৰীবস্তিৰ ভাৰাঘৰত শাহুৱেক সুনীতা দেৱী আৰু ননদ ৰুবী দেৱীৰ সৈতে বসবাস কৰিছিল ৷
কি কাৰণত বিউটী দেৱীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’লে, সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পিছতহে এয়া হত্যা নে আত্মহত্যাৰ ঘটনা, সেই কথা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ ঘটনা সন্দর্ভত পল্টনবজাৰ আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুজনিত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷