নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অব্যাহত ডকাইতৰ সন্ত্ৰাসঃ ১০ লক্ষাধিক লুট এসপ্তাহত

জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা প্ৰদানত ব্যৰ্থ আৰক্ষী

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হোৱা এটাৰ পিছত আনটো চুৰি-ডকাইতি, হত্যা-হিংসা আৰু অন্যান্য অপৰাধজনিত ঘটনাই মহানগৰবাসীৰ নিদ্ৰাহৰণ কৰিছে । মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আয়ুক্তকৰণ কৰা হৈছে যদিও স্মাৰ্ট আৰক্ষী প্ৰশাসনে জনসাধাৰণক সুৰক্ষা প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে । মহানগৰীত নিতৌ সংঘটিত হোৱা বিভিন্ন অপৰাধজনিত ঘটনাৰ লগতে বহিঃৰাজ্যৰ ছাইবাৰ অপৰাধী চক্ৰই শেহতীয়াকৈ মহানগৰীত আতংকৰ সৃষ্টি কৰিছে । ছাইবাৰ অপৰাধী চক্ৰই ইজনৰ পাচত সিজনৰ এটিএম তথা বেংক একাউণ্ট হেক কৰি বিভিন্ন কৌশলেৰে গ্ৰাহকৰ লাখ লাখ টকা সৰকাই নিয়াৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ নগদ লেনদেন কৰা বেংক গ্ৰাহকক টাৰ্গেট কৰিছে ডকাইতৰ দলে । বহিঃৰাজ্যৰ পৰা অহা দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই লোকাৰণ্য হৈ থকা মহানগৰীৰ ৰাজপথত বেংকৰ গ্ৰাহকৰ পৰা লাখ লাখ টকা কাঢ়ি নিয়াৰ পাচতো স্মাৰ্ট মহানগৰ আৰক্ষীয়ে দুৰ্বৃত্তৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী প্ৰশাসনৰ এনে আশ্বাস আৰু সোপাঢিলা মনোভাবক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, যোৱা এটা সপ্তাহত মহানগৰীৰ বিভিন্ন স্থানত বেংক গ্ৰাহকৰ পৰা বাইকত অহা দুৰ্বৃত্তই দ লক্ষাধিক টকা কাঢ়ি নিয়ে । প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১৩ নৱেম্বৰত বামুণীমৈদামৰ এগৰাকী মহিলাৰ পৰা বাইকত অহা দুৰ্বৃত্তই এক লাখ, ১৪ নৱেম্বৰত তেতেলীয়াত পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীৰ ৫.৪ লাখ, ১৭ নৱেম্বৰত গীতানগৰত উৎপল শৰ্মা নামৰ এজন লোকৰ ৪৫ হাজাৰ, ১৯ নৱেম্বৰত নাৰেংগীৰ কলংপাৰ বজাৰৰ পৰা বিমলা ব্ৰহ্ম নামৰ এগৰাকী মহিলাৰ দুই লাখ , ২১ নৱেম্বৰত নুনমাটিত অষ্টমী ভৰালী নামৰ মহিলা এগৰাকীৰ ৫০ হাজাৰ আৰু শনিবাৰে কাহিলিপাৰাৰ জটিয়াত শ্যামসুন্দৰ তালুকদাৰ নামৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা বাইকত অহা দুৰ্বৃত্তই দুই লাখ টকাৰ বেগ কাঢ়ি নিয়ে । ধাৰাবাহিকভাৱে মহানগৰীত এটাৰ পাছত আনটো ডকাইতিৰ ঘটনা সংঘটিত হৈ আছে যদিও আৰক্ষী প্ৰশাসনে এজনো অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।

You might also like